শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ। দুবাৰকৈ বিয়া পতা লোকৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ। ফোন কৰাৰ লগে লগে অধিক বিয়া পতা লোকক গ্ৰেপ্তাৰ কৰা হ’ব। এই ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
বিবাহক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰে এক ডাঙৰ মন্তব্য। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা বুলি কয় মুখ্যমন্ত্ৰীয়ে। এগৰাকীতকৈ বেছি বিয়া পাতিলেই পুৰুষে ৭ বছৰৰ কাৰণে জে’লত যাব লাগিব। এগৰাকীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে।
মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়ে যে, এজন পুৰুষে এগৰাকীতকৈ বেছি বিয়া পাতিলেই হ’ব ৭ বছৰ পৰ্যন্ত জে’ল। এজন পুৰুষে এগৰাকী মহিলাকহে বিয়া কৰাব পাৰিব। বহুবিবাহ ৰোধ আৰু মহিলাৰ সুৰক্ষাৰ বাবে অনা হৈছে এই আইন মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।












