অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু। কামাখ্যা গেটৰ পৰা প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু হৈ আছে অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক দল।
অসমৰ স্বাভিমান জাপি, স্মাৰক, বায়ু সেনাৰ স্মৃতি স্মাৰকেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনোৱা হয়। আদৰণি জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাগৰাকীও নেতাই। মৰাণৰ ৰাজপথত হাৰকিউলিছ বিমানেৰে অৱতৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। উদ্বোধন কৰে মৰাণৰ ৰাজপথত নিৰ্মাণ কৰা ELF। ১৬ খনকৈ বায়ুসেনাৰ বিমানে প্ৰদৰ্শন কৰে এয়াৰ শ্ব’।
দিনৰ ১২.৩০ বজাত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী। উদ্বোধন কৰিব গুৱাহাটী-উঃ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু। লগতে মুকলি কৰিব IIM গুৱাহাটী, বঙৰাস্থিত অস্থায়ী কেম্পাছ। গুৱাহাটীৰ বাবে অতিৰিক্ত ১০০ খন ইলেক্ট্ৰিক বাছ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। দিনৰ ২ বজাত প্ৰধানমন্ত্ৰীয়ে অংশ ল’ব খানাপাৰাৰ বিজেপিৰ বুথ সন্মিলনীত










