আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন। বিয়লি ৪ বজাত ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ দিন। দিল্লীৰ বিজ্ঞান ভৱনত বিয়লি নিৰ্বাচন আয়োগে আয়োজন কৰিছে সংবাদমেলৰ। অসমকে ধৰি ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব। ইয়াৰ লগতে পশ্চিমবংগ, কেৰালাম, পুডুচেৰী আৰু তামিলনাডু ৰাজ্যৰো নিৰ্বাচনৰ দিন ঘোষণা কৰিব নিৰ্বাচন আয়োগে।








