মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ডই জোকাৰি গৈছে লখিমপুৰ জিলাত। এজন ৫০ বছৰীয়া বৃদ্ধই এটি ৩ বছৰীয়া কণমাণিৰ সৈতে কৰে এক ভয়ংকৰ কাণ্ড।
এই নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে লখিমপুৰৰ লালুকত। কল খাবলৈ ঘৰলৈ মাতি নিয়াৰ চলেৰে এই লম্পট বৃদ্ধজনে কণমানিটোৰ সৈতে অসৎ কৰ্ম চৰিতাৰ্থ পূৰণৰ চেষ্টা চলায়।
পিছত কণমানিটোৱে ঘৰলৈ গৈ কন্দা-কটা কৰাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। সবিশেষ জানি লগে-লগেই পৰিয়ালৰ লোকে লালুক আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত লালুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট বৃদ্ধ কণ দাসক।
POCSO আইনৰ অধীনত ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি কণ দাসক জে’ললৈ প্ৰেৰণ কৰে। লম্পট বৃদ্ধই সংঘটিত কৰা এনে জঘন্য ঘটনাই সমগ্ৰ লালুকতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে পৰিয়ালৰ লোকে এই লম্পটটোৰ বিৰুদ্ধে আৰক্ষীৰ উচিত তদন্তৰ দাবী কৰিছে।