নাজিৰাৰ শিমলুগুৰিৰ চণ্টক বৰমিচিং গাঁৱত বিধ্বংসী অ*গ্নি*কা*ণ্ডৰ সংঘটিত হয়৷ শিমলুগুৰিৰ চণ্টক বৰমিচিং গাঁৱৰ এই বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভষ্মীভূত এটা বাসগৃহ৷
বৰমিচিং গাঁৱৰ মেনকা মৰাঙৰ বাসগৃহত এই বিধ্বংসী কাণ্ড সংঘটিত হয়৷ এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতেই বিস্ফোৰণ হয় এটা চিলিণ্ডাৰ৷ পোনপ্ৰথমেই বাসগৃহটোৰ ৰান্ধনীশালত জুইৰ সূত্ৰপাত হোৱাৰ পিছতেই সম্পূৰ্ণৰূপে বাসগৃহটোত এই ঘটনা সংঘটিত হয়৷
অৱশ্যে এই ঘটনা কেনেকৈ সংঘটিত হ’ল বৰ্তমানলৈকে সঠিক কাৰণ জানিব পৰা হোৱা নাই৷ ঘটনাস্থলীত বিহুবৰ আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীও আহি উপস্থিত হয়৷
এই ভয়ংকৰ কাণ্ডত বহু সা-সামগ্ৰীৰ লগতে প্ৰয়োজনীয় নথিপত্ৰৰ লগতে কিতাপ-পত্ৰ আদিও জাহ যায়৷