পৰ্বতঝোৰাৰ পানবাৰী বজাৰত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। নিমিষতে জুইত জাহ যায় দুখনকৈ দোকান।
পানবাৰী বজাৰৰ এখন হোটেলৰ পৰাই এই অগ্নিৰ সূত্ৰপাত হয়। জুইৰ লেলিহান শিখাই নিমিষতে বিযপি পৰাৰ ফলত প্ৰথমে এখন হোটেল ভস্মীভূত হোৱাৰ লগতে কাষৰ বেপাৰী দোকান এখনো সম্পূৰ্ণৰূপে জুইত জাহ যায়।
বৰ্তমানলৈকে এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা যোৱা নাই। অৱশ্যে স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত এই জুই নুমুৱাবলৈ সক্ষম হয়। এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় ১৫ পৰা ২০লাখ টকাৰ ক্ষয় ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে।
অৱশেষত ঘটনাস্থলীত উপস্থিত বগৰীবাৰী আৰক্ষী হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আৰম্ভ কৰে এই ঘটনা উচিত তদন্ত।