বিলাসীপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। পুনৰ বহি: ৰাজ্যৰ হিন্দু যুৱকে অপহৰণ কৰে অসমৰ মুছলমান ছাত্ৰীক।
১৩ বছৰীয়া এই কিশোৰী ছাত্ৰী গৰাকী অপহৰণ হোৱাৰ পিছতে পৰিয়ালৰ মাজত সৃষ্টি হৈছে হুৱা-দুৱাৰ। এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ চিৰাকুটাত। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে শালকোচা আৰক্ষী চকীত। কিন্তু এজাহাৰ দাখিলৰ পিছতো শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৃতিমান পাঠকে সম্পূৰ্ণ নিৰৱ দৰ্শকৰ ভূমিকা লোৱাৰ অভিযোগ অভিযুক্ত পৰিয়ালৰ আৰু দল সংগঠনৰ।
বিলাসীপাৰাৰ চিৰাকুটা ১ম খণ্ড গাঁৱৰ এগৰাকী অষ্টম শ্ৰেণীৰ স্কুলীয়া ছাত্ৰীক অপহৰণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। যোৱা ১৮ ডিচেম্বৰত বিলাসীপাৰা বাঘমাৰীস্হিত ইটা ভাটাত কৰ্মৰত বহি:ৰাজ্যৰ যুৱক প্ৰেম চান্দ ওৰফে লাখিয়ে ছাত্ৰীজনীক ফুচলাই অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ।
প্ৰেম চান্দ ওৰফে লাখিৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে। ছাত্ৰীজনীৰ পৰিয়ালৰ লোক এই একে ইটা ভাটাত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। ছোৱালীজনী হ’ল চিৰাকুটা ১ম খণ্ড গাঁৱৰ শাহিনুৰ ইছলাম ১৩ বছৰীয়া কন্যা আলিফা বেগম। এই ক্ষেত্ৰত আলিফাৰ পৰিয়ালে শালকোচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে, যদিও ৭ দিন উলকি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো সং সূত্ৰ উলিয়াৱ পৰা নাই।
অতি শীঘ্ৰে বাঘমাৰীস্হিত মহল ভাটাত কৰ্মৰত বহি:ৰাজ্যৰ শ্ৰমিক আৰু ভাটাৰ স্বাত্বাধিকাৰী ললিত আগৰৱালাৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী কৰিছে স্হানীয় ৰাইজ আৰু দ’ল সংগঠনে। সংগঠনে আৰক্ষী প্ৰশাসনক ২৪ ঘন্টা সময় সীমা বান্ধি দিয়ে যে ছোৱালীজনীক উদ্ধাৰ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ।