মেৰাপানীৰ ১নং নেঘেৰিবিলত চুৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে স্থানীয় লোক। দিন-দুপৰতে বান্ধি থোৱা গৰু ছাগলীৰ লগতে বাৰীৰ তামোল-পান চুৰ কৰি নিয়াৰ বাবে স্থানীয় লোক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
শেহতীয়াকৈ ১নং নেঘেৰিবিলত ৭ টাকৈ গৰু বান্ধি থোৱা অৱস্থাৰ পৰা নোহোৱা হোৱাত গৰাকীয়ে বিচাৰি পাহাৰৰ দাঁতিত ২টা গৰু বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে যদিও বাকী কেইটা গৰু বৰ্তমানেও উদ্ধাৰ হোৱা নাই।
ইফালে স্থানীয় লোকে এই গৰু-চোৰক চিনাক্ত কৰি মেৰাপানী থানাত লিখিত অভিযোগ দাখিল কৰে যদিও বৰ্তমানেও গ্ৰেপ্তাৰ হোৱা নাই চোৰ কেইজন। নেঘেৰিবিলৰ উচ্ছেদিত মিঞাই ঘুৰি আহি পুনৰ স্থানীয় অঞ্চল সমুহত গৰু-ছাগলী,বাৰীৰ তামোল পান চুৰ কৰি কিছুদিনৰ পৰা সন্ত্ৰাস চলাই অহাৰ অভিযোগ উথাপন হৈ আহিছে। এই ঘটনাক লৈ নেঘেৰিবিলত সভাও অনুষ্ঠিত হৈছে। স্থানীয় লোকে অতি সোনকালে নেঘেৰিবিলক মিঞা মুক্ত কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে।











