৯ এপ্ৰিলত অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচন। ১৫ মাৰ্চত দিল্লীৰ বিজ্ঞান ভৱনত এই ঘোষণা কৰিছিল ভাৰতীয় নিৰ্বাচনী আয়োগে। এই অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ মাজত যথেষ্ট খাম-খেয়ালিৰ সৃষ্টি হৈছে।
এইবাৰ কংগ্ৰেছ এৰাৰ দিশে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মুকলি বিদ্ৰোহ। গৌৰৱ গগৈৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি দিল্লীলৈ ৰাওনা হয় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। হাইকামাণ্ডলৈ দল ত্যাগৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰে প্ৰদ্যুৎ বৰদলৈয়ে।
লাহৰীঘাটৰ বিধায়ক আছিফ নাজৰক টিকট দিলেই কংগ্ৰেছ দল ত্যাগৰ ভাবুকি দিছে বৰদলৈয়ে। AICCৰ সা: সম্পাদক জিতেন্দ্ৰ সিঙলৈ এই বিস্ফোৰক পত্ৰ প্ৰেৰণ কৰে। তেওঁৰ লগতে দিল্লীলৈ যাব কংগ্ৰেছৰ উপ-সভাপতি তথা টিকট বঞ্চিত নৱ তালুকদাৰ। ইমদাদুল ইছলামক আছিফ নাজাৰে আদৰণি জনোৱাক লৈ ক্ষোভ বৰদলৈৰ। ২০২৫ৰ ২৭ এপ্ৰিলত ধিঙত বৰদলৈৰ ওপৰত আক্ৰমণ চলাইছিল ইমদাদুলে। ড০ ফৰিদুল হুছেইনক লাহৰীঘাটত টিকট দিয়াৰ পোষকতা বৰদলৈৰ।
প্ৰদ্যুৎ বৰদলৈৰ এই পত্ৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘মই মোৰ ভৱিষ্যদ্বাণীত মই অটল আছো, প্ৰদ্যুৎ বৰদলৈ বেছি দিন কংগ্ৰেছত থাকিব নোৱাৰে, বৰদলৈক যি কেইজন যুৱকে হত্যা কৰিব খুজিছিল সেইকেইজনক দলৰ সভাপতিয়ে গামোচা পিন্ধাই দিলেপ্ৰদ্যুৎ বৰদলৈৰ স্বাভিমান এটা আছে, কংগ্ৰেছত নিজৰ স্বাভিমান বন্ধকত থৈ কাম কৰি আছে’
আকৌ, সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধেও প্ৰতিবাদ আৰম্ভ কৰিছে খোদ কংগ্ৰেছ কৰ্মীয়ে। কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ভৰিৰে গচকে ৰকিবুল হুছেইনৰ ফটো। হোজাইৰ ৰাজীৱ ভৱন লণ্ডভণ্ড কৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত জ্বলিছে প্ৰতিবাদৰ জুই। বিন্নাকান্দি সমষ্টি মিত্ৰদলক এৰি দিয়াক লৈ অসন্তুষ্টি কংগ্ৰেছ নেতা-কৰ্মীৰ। সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰেহান উদ্দিনৰ সমৰ্থকৰ ক্ষোভ প্ৰকাশ কৰে। ধনৰ বিনিময়ত বিন্নাকান্দি সমষ্টিত টিকট দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হয়।ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ডবকা ৰাজীৱ ভৱনৰ পৰা পৰা আঁতৰালে কংগ্ৰেছৰ প্ৰতীক।










