নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত সুতাৰগাও পাব্লিক হাইস্কুলত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফলৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে বিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰীক জবাবদিহি কৰে।
উল্লেখ্য যে, ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা মুঠ ৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল, কিন্তু ইয়াৰ ভিতৰত মাত্ৰ ২গৰাকী ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় আৰু বাকী ৪১গৰাকী ছাত্ৰ-ছাত্ৰীৰ ফলাফল শোচনীয় হয়।
যাৰ বাবে স্কুলৰ ১৮ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ৰাইজে জবাবদিহি কৰাৰ লগতে অতি সোনকালে বিদ্যালয়ৰ পৰা নিজে নিজে বদলি হৈ অন্য বিদ্যালয়লৈ গুচি যাবলৈ দাবী জনায়। স্থানীয় ৰাইজে নগাঁও জিলা আয়ুক্তক অতি সোনকালে বিদ্যালয়খন পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।












