গৰু চৰাবলৈ যোৱাটোৱেই কাল হ’ল এটা পৰিয়ালৰ। এগৰাকী গৰ্ভৱতী মহিলাৰ ওপৰত আক্ৰমণ চলালে দুৰ্বৃত্তই। এই অভিযোগ আজিবৰ আলী আৰু আকবৰ আলীৰ বিৰুদ্ধে।
গৌৰীপুৰৰ লালকুৰা গাঁৱত এডোখৰ ভূমিক লৈ দীৰ্ঘ দিনৰ পৰা দুটা ফৈদৰ মাজত সৃষ্টি হৈছিল এক কাজিয়াৰ। হঠাৎ ভূমি ডোখৰত গৰু চৰাবলৈ গৈছিল মোকবুল হুছেইনৰ পত্নীয়ে। কিন্তু আজিবৰ আলী আৰু আকবৰ আলীৰ পৰিয়ালৰ লোকে তেওঁক গৰু চৰাবলৈ বাধা আৰোপ কৰিছিল। তাতে সৃষ্টি হৈছিল দুৰ্বাদল কাজিয়া। ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পিছলৈ এই কাজিয়াই মাৰ পিটৰ সূত্ৰপাত ঘটায়।
একাংশ উক্ত পৰিয়ালৰ লোকে দা,লাঠি, জং, চুৰি আদি চোকা অস্ত্ৰ লৈ ওলাই আহে। পিছে ঘটনাস্থলীত দাওভাঙ্গী আৰক্ষী উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই যদিও বৰ্তমানেও লালকুৰা অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে বুলি জানিব পৰা গৈছে ।