বাংলাদেশত আজি ১২ ফেব্ৰুৱাৰীত সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এইটো নিৰ্বাচন দেশখনৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম উল্লেখযোগ্য নিৰ্বাচন হিচাপে গঢ় লৈ উঠিছে। আৱামী লীগৰ অনুপস্থিতিত বিএনপিক বাংলাদেশৰ সৰ্ববৃহৎ আৰু পুৰণি দল হিচাপে দেখা যায়। বিএনপি বা বাংলাদেশ নেচনেলিষ্ট পাৰ্টি বাংলাদেশৰ অন্যতম পুৰণি ৰাজনৈতিক দল।
বিএনপিক প্ৰতিনিধিত্ব কৰি খালেদা জিয়াই প্ৰথমে ১৯৯১ চনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈছিল।২০০১ চনত দ্বিতীয়খন চৰকাৰ গঠন কৰিছিল।যদিও জামাত-ই-ইছলামীয়েও এই চৰকাৰত যোগদান কৰিছিল, কিন্তু ২০০৬ চনৰ পৰা বাংলাদেশ জাতীয়তাবাদী পাৰ্টি কেতিয়াও ক্ষমতালৈ ঘূৰি অহা নাই।
২০০৯, ২০১৪, ২০১৮, আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত শ্বেখ হাছিনাৰ আৱামি লীগে বৃহৎ জয়লাভ কৰিছিল। বিএনপিয়ে ২০১৪ চনৰ নিৰ্বাচনত ৰিগিঙৰ অভিযোগ উত্থাপন কৰি ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন বৰ্জন কৰিছিল। কিন্তু ২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশত শ্বেখ হাছিনাৰ অভ্যুত্থানৰ পিছত বাংলাদেশত সকলো সলনি হৈছে। আৱামি লীগ এতিয়া নিৰ্বাচনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, আৰু বিএনপি এতিয়া এটা ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০২৬ সাধাৰণ নিৰ্বাচনত কেৱল বাংলাদেশ জাতীয়তাবাদী পাৰ্টি আৰু জামাত-ই-ইছলামীৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱা যেন পৰিলক্ষিত হৈছে।
শ্বেখ হাছিনাৰ অভ্যুত্থানৰ পূৰ্বে খালেদা জিয়া জে’লত আছিল আৰু তেওঁৰ পুত্ৰ তাৰিক ৰহমান লণ্ডনত নিৰ্বাসিত হৈ আছিল। কিন্তু শ্বেখ হাছিনাই দেশ এৰি যোৱাৰ পিছত খালেদা জিয়াক জে’লৰ পৰা মুকলি কৰি দিয়াৰ লগতে তেওঁৰ পুত্ৰ তাৰিক ৰহমানো বহুদিনৰ মূৰত লণ্ডনৰ পৰা ঢাকালৈ উভতি আহে। মাতৃ খালেদা জিয়া গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়তে বাংলাদেশত উপস্থিত হয় তাৰিক ৰহমান। ঢাকা পোৱাৰ লগে লগে তাৰিক ৰহমানে দলৰ দায়িত্ব লয় আৰু সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰে। নিৰ্বাচন ঘোষণা হোৱাৰ মাত্ৰ কেইদিনমান পিছতে খালেদা জিয়াৰ মৃত্যু হয়।
তাৰিক ৰহমানে এই নিৰ্বাচনত “সকলোৰে আগত বাংলাদেশ” শ্লোগান উন্মোচন কৰে। বাংলাদেশৰ ২ টা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ইতিমধ্যে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। বিএনপিয়ে ৩০০খন আসনৰ ভিতৰত ২৯২খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আৰু ৮খন আসন মিত্ৰশক্তিক আবণ্টন দিয়া হয়। নিৰ্বাচনৰ সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি দল আৰু কূটনীতিবিদসকলে তাৰিক ৰহমানৰ সৈতে সাক্ষাৎ কৰে। তাৰিক ৰহমানে দিয়া কিছুমান ডাঙৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ভিতৰত আছে-
- জুলাই মাহৰ ৰাষ্ট্ৰীয় চনদ কাৰ্যকৰী কৰা। (এইটোৱেই আছিল ছাত্ৰ আন্দোলনৰ আটাইতকৈ ডাঙৰ দাবী।)
- মুক্তি আন্দোলনৰ শুদ্ধ ইতিহাসক পাঠ্যক্ৰমৰ অংশ হিচাপে গঢ়ি তোলা।
- বাংলাদেশত উপ-ৰাষ্ট্ৰপতিৰ পদ সৃষ্টি কৰা।
- যিকোনো ব্যক্তিয়ে প্ৰধানমন্ত্ৰীৰ পদত সৰ্বাধিক ১০ বছৰ ধৰি থাকিব পাৰিব।
- সংসদৰ ১০০ জনীয়া উচ্চ সদন স্থাপন কৰা।
- ২০২৪ চনৰ জুলাই মাহত সংঘটিত হোৱা হত্যাকাণ্ড আৰু হিংসাৰ তদন্তৰ বাবে এখন স্বতন্ত্ৰ তদন্ত আয়োগ গঠন কৰা।
- ৭ চুবুৰীয়া দেশৰ সৈতে সহযোগিতা আৰু সমান বন্ধুত্বৰ প্ৰতিশ্ৰুতি দিয়া।
- মুছলমান দেশৰ সৈতে সহযোগিতা শক্তিশালী কৰা।
তাৰিক ৰহমানৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে জামাত-ই-ইছলামী মিত্ৰতা, কিয়নো জামাত-ই-ইছলামীয়েও নৱজাত যুৱ দল এন চি পিৰ সৈতে মিত্ৰতা কৰিছে। এই পৰিপ্ৰেক্ষিতত তাৰিক ৰহমানে দুগুণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
বাংলাদেশৰ সাধাৰণ জনতাই দৃঢ়ভাৱে কামনা কৰে যে বাংলাদেশত যিখন চৰকাৰ গঠন হওক, ভাৰতৰ সৈতে আন্তৰিক আৰু সুসম্পৰ্ক বজাই ৰাখিব লাগে। বাংলাদেশৰ জনসাধাৰণে ভাৰতক অতি শ্ৰদ্ধা আৰু সন্মানেৰে চায়। বাংলাদেশৰ জনসাধাৰণে ভাৰতৰ সৈতে সম্পৰ্কক সদায় আন যিকোনো দেশতকৈ বহু ওপৰত ৰাখে। শেহতীয়াকৈ তাৰিক ৰহমানৰ মাতৃ খালেদা জিয়াৰ মৃত্যুত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। ভাৰতৰ বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰে ঢাকা ভ্ৰমণ কৰি খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে।
এতিয়া লক্ষ্যণীয় যে ২০০৬ চনৰ পিছত খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে বাংলাদেশত বিএনপিক ক্ষমতালৈ লৈ যাব পাৰিবনে নাই।এই নিৰ্বাচন আৰু ইয়াৰ ফলাফল তাৰিক ৰহমান আৰু বিএনপি দুয়োটাৰে ৰাজনৈতিক ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব। তাৰিক ৰহমানৰ জয় বা পৰাজয়ৰ মাজতো আৱামী লীগৰ ভৱিষ্যত গভীৰভাৱে শিপাই আছে।








