বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে দাবী উত্থাপন কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যৱাহ দত্তত্ৰেয় হোছাৱালে। ইছলামিক মৌলবাদীসকলে বাংলাদেশত হিন্দু আৰু আন সকলো সংখ্যালঘুৰ ওপৰত কৰা আ*ক্ৰমণ, হিংসাত্মক ঘটনা, লুটপাট আৰু মহিলাৰ ওপৰত চলোৱা অমানৱীয় অত্যাচাৰক অত্যন্ত উদ্বেগজনক আখ্যা দিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। ইফালে আৰ এছ এছ য়ে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে।
আকৌ সংঘৰ সৰকাৰ্যৱাহ দত্তাত্ৰেয় হোছাৱালেয়ে বাংলাদেশৰ বৰ্তমানৰ চৰকাৰ আৰু অন্যান্য সংস্থাসমূহে এই হিংসাত্মক ঘটনা বন্ধ কৰাৰ পৰিৱৰ্তে কেৱল নীৰৱ দৰ্শক হৈ থকা কাৰ্যক কঠোৰ সমালোচনা কৰিছে ।
বাংলাদেশৰ হিন্দুসকলে তেওঁলোকৰ আত্মৰক্ষাৰ বাবে গণতান্ত্ৰিক পদ্ধতিত উত্থাপন কৰা কণ্ঠ দমন কৰিবলৈ,অন্যায় আৰু অত্যাচাৰৰ এক ক’লা যুগৰ সুচনা কৰে। এনে শান্তিপূৰ্ণ প্ৰতিবাদত হিন্দুসকলক নেতৃত্ব দি থকা ইস্কনৰ সন্ন্যাসী চিন্ময় কৃষ্ণ দাসক কাৰাগাৰলৈ প্ৰেৰণ কৰাটো বাংলাদেশ চৰকাৰৰ এক অন্যায়মুলক পদক্ষেপ আখ্যা হোছাৱালেৰ।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বাংলাদেশ চৰকাৰক বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে হোৱা অত্যাচাৰ তৎক্ষণাত বন্ধ কৰিবলৈ আৰু শ্ৰী চিন্ময় কৃষ্ণ দাসক কাৰাবাসৰ পৰা মুকলি কৰি দিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই লগতে ভাৰত চৰকাৰক বাংলাদেশত হিন্দু আৰু আন সকলো সংখ্যালঘুৰ বিৰুদ্ধে হোৱা অত্যাচাৰ প্ৰতিৰোধৰ বাবে ইয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আৰু ইয়াৰ সমৰ্থনত এক বিশ্বব্যাপী মতামত সৃষ্টি কৰিবলৈ অতি সোনকালে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
এই সংকটপূৰ্ণ সময়ত ভাৰত আৰু বিশ্ব সম্প্ৰদায় আৰু প্ৰতিষ্ঠানসমূহে বাংলাদেশৰ ভুক্তভোগীসকলৰ সৈতে থিয় দিব লাগিব আৰু বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ বাবে নিজ নিজ চৰকাৰৰ পৰা তেওঁলোকৰ সমৰ্থন আৰু সকলো সম্ভৱ প্ৰচেষ্টা দাবী কৰিব লাগিব। এই মত সৰকাৰ্যৱাহ দত্তাত্ৰেয় হোচৱালে জীৰ।