বাংলাদেশত অব্যাহত আছে সংখ্যালঘুৰ ওপৰত আক্ৰমণ। প্ৰথমতে ধৰ্মীয় স্থান আৰু ইয়াৰ প্ৰতিষ্ঠানসমূহত আক্ৰমণ চলোৱা হৈছিল। ইয়াৰ পিছত সকলো সংখ্যালঘুকে টাৰ্গেট কৰি লোৱা হৈছে।
শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা বহু সংখ্যালঘুৱে প্ৰাণ হেৰুৱাইছে।প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছ চৰকাৰে বাংলাদেশৰ সংখ্যালঘুক মুক্ত কৰাৰ দিশত যথেষ্ট কাম কৰি আছে।
এতিয়া গৃহ মন্ত্ৰালয় আৰু লোকসেৱা আয়োগে এক নিৰ্দেশ জাৰি কৰিছে, সেই অনুসৰি কোনো সংখ্যালঘুকে কনিষ্টবলৰ পৰা আৰক্ষীলৈকে কোনোধৰণৰ উচ্চপদত নিযুক্তি দিয়া নহ’ব। এই নিৰ্দেশৰ বাবে ১৫০০ৰো অধিক বাংলাদেশী সংখ্যালঘু প্ৰাৰ্থীৰ আৱেদন নাকচ কৰা হৈছে।
শ্বেখ হাছিনা ক্ষমতাৰ পৰা বাহিৰ হোৱাৰ পিছৰে পৰা বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে অহৰহ অত্যাচাৰ অব্যাহত আছে। প্ৰথম অৱস্থাত সহকাৰী আৰক্ষী অধীক্ষক, আৰক্ষী অধীক্ষক আৰু ডি আই জি পদৰ এশৰো অধিক হিন্দু আৰক্ষী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। তেওঁলোকৰ ঠাইত উগ্ৰপন্থী, বিশেষকৈ জামাত-ই-ইছলামীৰ সদস্যক নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
ইয়াৰ লগতে প্ৰায় ৭৯ হাজাৰ আৰক্ষীৰো নিযুক্তি বাতিল কৰা হৈছে। বিগত বৰ্ষৰ অক্টোবৰৰ পৰা এই পদসমূহৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। এতিয়া অহা জানুৱাৰীৰ পৰা আৰম্ভ হ’ব পৰৱৰ্তী নিযুক্তি প্ৰক্ৰিয়া।
বাংলাদেশ আৰক্ষীৰ আই জি পি বাহাৰুল আলমক কোনো বাংলাদেশী সংখ্যালঘুক কনিষ্টবল বা সহকাৰী উপ-পৰিদৰ্শকৰ পদত নিযুক্তি নিদিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে, কোনো সংখ্যালঘুক যোগ্য হ’লেও নিযুক্তি দিব নোৱাৰিব। ইয়াৰ লগতে বাংলাদেশ অসামৰিক সেৱাৰ পৰীক্ষাতো যাতে কোনো সংখ্যালঘু উত্তীৰ্ণ হ’ব নোৱাৰে সেয়াও নিশ্চিত কৰিব লাগে।