মালদ্বীপত মহম্মদ মুইজুৰৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা ভাৰতৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিছিল। শেহতীয়াকৈ ইউনুছৰ চৰকাৰ অহাৰ পাছত বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্কও অৱনতি ঘটিছে।
চীন আৰু পাকিস্তানে এইক্ষেত্ৰত ডাঙৰ ভূমিকা পালন কৰিছিল। কিন্তু এতিয়া মালদ্বীপ আৰু ভাৰতৰ সম্পৰ্ক আগৰ দৰে হৈ থকা নাই। দুয়োখন দেশেই পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে প্ৰগতিৰ পথত আগবাঢ়িব বিচাৰে।
এই সন্দৰ্ভত বুধবাৰে নতুন দিল্লীত ভাৰত আৰু মালদ্বীপৰ মাজত এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হয়। এই বৈঠকত সামুদ্ৰিক সুৰক্ষা সন্দৰ্ভত ভাৰত আৰু মালদ্বীপৰ মাজত পাৰস্পৰিক অংশীদায়িত্বৰ বিষয়ে আলোচনা কৰা হয়। দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলেও প্ৰতিৰক্ষা খণ্ডৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে।
আলোচনাৰ সময়ত দুয়োপক্ষই ভাৰত-মালদ্বীপৰ সৰ্বাংগীন অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদায়িত্বৰ যৌথ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে একেলগে কাম কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে।
বুধবাৰে মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ ঘছান মৌমুনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ। এই বৈঠকত তেওঁলোকে দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ বিভিন্ন দিশৰো বিস্তৃত পৰ্যালোচনা কৰে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মালদ্বীপৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ অনুসৰি সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত মালদ্বীপক সহায় কৰাৰ কথা আৰু প্ৰতিৰক্ষা প্ৰস্তুতিৰ বাবে কয়। মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মৌমনে মালদ্বীপৰ বাবে ‘প্ৰথম সঁহাৰিদাতা’ হিচাপে ভাৰতৰ ঐতিহাসিক ভূমিকাক প্ৰশংসা কৰে। তেওঁ মালদ্বীপক প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰক্ষীক প্ৰশিক্ষণ দিয়াৰ লগতে আধুনিক আন্তঃগাঁথনিৰ সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত নতুন দিল্লীক সহায় কৰাৰ বাবে ধন্যবাদ জনায়।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি, মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মৌমন ভাৰতলৈ প্ৰথম আনুষ্ঠানিক ভ্ৰমণলৈ আহিছে। দুয়োপক্ষৰ মাজত অব্যাহত থকা উচ্চ পৰ্যায়ৰ যোগাযোগৰ অংশ হিচাপে এই ভ্ৰমণ কাৰ্যসূচী কৰা হৈছে। ইয়াৰ দ্বাৰা দুয়োখন দেশ আৰু ভাৰত মহাসাগৰ অঞ্চলৰ পাৰস্পৰিক লাভালাভৰ বাবে দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা সম্পৰ্ক আৰু অধিক গভীৰ কৰাৰ সুযোগ পোৱা গৈছে।