বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ আৰু সেনা প্ৰধান ৱাকাৰ-উজ-জামানুছৰ মাজৰ সম্পৰ্ক তিক্ত হৈ পৰিছে। প্ৰতিবেদন অনুসৰি, সেনা প্ৰধানগৰাকীয়ে তাৎক্ষণিকভাৱে এখন ডাঙৰ বৈঠক আহ্বান কৰিছে যাতে ভৱিষ্যতে ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা ৰচনা কৰিব পৰা যায়।
বাংলাদেশত জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ চৰ্ত সৃষ্টি হৈছে নেকি সেই সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, সেনা প্ৰধানগৰাকীয়ে যথাসম্ভৱ সোনকালে নিৰ্বাচন ঘোষণা কৰিবলৈ ইউনুছৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। তেওঁলোকৰ আটাইতকৈ ডাঙৰ চিন্তা হৈছে বিদেশী হস্তক্ষেপৰ বাবে দেশত অস্থিৰতাৰ সম্ভাৱনা, কিয়নো ইউনুছক বহুতে বিদেশী সংস্থাৰ পুতলা হিচাপে গণ্য কৰে।
সূত্ৰ অনুসৰি, ৱাকাৰ-উজ-জামানে শ্বেখ হাছিনা আৰু খালেদা জিয়াৰ দলক একত্ৰিত কৰিব বিচাৰে। লগতে তেওঁলোকৰ উদ্দেশ্য হৈছে তেওঁলোকক নিৰ্বাচনত অংশগ্ৰহণৰ বাবে প্ৰেৰণা যোগোৱা। ইফালে ইউনুছ চৰকাৰৰ কার্যবাহী আদেশৰ জৰিয়তে বন্দীসকলক মুকলি কৰি দিয়াটোৱেও সামৰিক বাহিনীত উদ্বেগ সৃষ্টি কৰিছে।
এক প্ৰতিবেদন অনুসৰি ইয়াৰ পূৰ্বেও সেনা প্ৰধানৰ ঘনিষ্ঠ সূত্ৰই কৈছিল যে বাংলাদেশী সেনা ৱাকাৰ-উজ-জামানৰ সৈতে সম্পূৰ্ণৰূপে একত্ৰিত। আনহাতে, ইউনুছক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) হিচাপে নিযুক্তি দিয়াৰ ফলত সেনাবাহিনীত বিভাজনৰ আশংকা বৃদ্ধি পাইছে। বিশেষ কথাটো হ’ল সেনা প্ৰধানৰ অনুপস্থিতিত এই নিযুক্তি দিয়া হৈছিল।
জেনেৰেল ৱাকাৰ-উজ-জামানক এজন মতাদৰ্শগত কেন্দ্ৰীয়তাবাদী বুলি গণ্য কৰা হয়, যিয়ে অনুভৱ কৰে যে ইউনুছৰ নীতিয়ে দেশৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক স্থিতিশীলতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। জনা যায় যে, চীনৰ সৈতে অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক ‘লেণ্ডলক’ আখ্যা দি ইউনুছে বিতৰ্কিত বক্তব্য দিছিল, যাৰ ফলত ভাৰতৰ সৈতে সম্পৰ্কত উত্তেজনা সৃষ্টি হৈছিল। তদুপৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ হস্তক্ষেপ আৰু ইউনুছ চৰকাৰৰ একাংশ বিষয়াৰ সৈতে তেওঁৰ বৈঠকে অনাস্থা আৰু অধিক গভীৰ কৰি তুলিছিল।