বাংলাদেশৰ অতি বিতৰ্কিত ছাত্ৰনেতা শ্বৰীফ ওছমান হাদী হত্যাকাণ্ডৰ এক নতুন খলকনিৰ সৃষ্টি হৈছে। এই গোচৰৰ অন্যতম মূল অভিযুক্ত ফৈছাল কৰীম মাছুদ ভাৰতত নহয়, ডুবাইত আছে বুলি স্পষ্ট কৰি এটা ভিডিঅ’ প্ৰকাশ কৰিছে। অৱশ্যে তেওঁ হত্যাকাণ্ডৰ লগত কোনো ধৰণে জড়িত থকাৰ কথা অস্বীকাৰ কৰে, লগতে নিজকে নিৰ্দোষী বুলি ঘোষণা কৰে আৰু দাবী কৰে যে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে।
ভিডিঅ’টোত ফৈছাল কৰীম মাছুদে উল্লেখ কৰিছে যে, তেওঁ ওছমান হাদীক হত্যা কৰা নাছিল আৰু এই কাণ্ডৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। তেওঁৰ মতে, তেওঁ নিজৰ সুৰক্ষাৰ বাবে ডুবাইলৈ গৈছে। এই হত্যাকাণ্ডৰ আঁৰত আন ৰাজনৈতিক কাৰণো থাকিব পাৰে বুলি দাবী কৰে ফৈছালে।
ভিডিঅ’টোত ফৈছালে উল্লেখ কৰিছে যে, ওছমান হাদী জামাতৰ সৈতে জড়িত আৰু সংগঠনটোৰ সৈতে জড়িত ব্যক্তিসকলে হয়তো এই আক্ৰমণ সংঘটিত কৰিব পাৰে। অভিযুক্তই কয় যে ওছমান হাদীৰ সৈতে তেওঁৰ যোগাযোগ ব্যৱসায়িক উদ্দেশ্যত সীমাবদ্ধ আছিল। ফৈছালৰ এটা আই টি কোম্পানী আছে আৰু তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ ৰাজনৈতিক অনুদান দিছিল, কিন্তু সেয়া কোনো অপৰাধমূলক ষড়যন্ত্ৰৰ অংশ হিচাপে নহয়, বিশুদ্ধ বৈধ আৰু পেছাদাৰী কাৰণতহে হৈছিল।
ঢাকা মহানগৰ আৰক্ষীয়ে প্ৰথমে দাবী কৰিছিল যে ফৈছাল কৰীম মাছুদ ভাৰতলৈ পলায়ন কৰিছে। আৰক্ষীৰ মতে, তেওঁ হালুৱাঘাট সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। কিন্তু পিছত মেঘালয়ত নিয়োজিত বি এছ এফৰ মহাপৰিদৰ্শকে এই দাবী খণ্ডন কৰি সীমান্ত পাৰ হোৱাৰ কোনো প্ৰমাণ পোৱা নাই বুলি উল্লেখ কৰে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, উপলব্ধ নথি-পত্ৰই নিশ্চিত কৰিছে যে ফৈছাল কৰীম মাছুদ বৰ্তমান ডুবাইত আছে। উল্লেখযোগ্য যে ১২ ডিচেম্বৰত ঢাকাত প্ৰচাৰ চলাই থকাৰ সময়তে ওছমান হাদীক গুলীয়াই হত্যা কৰা হৈছিল। চিকিৎসাৰ বাবে ছিংগাপুৰলৈ বিমানেৰে লৈ যোৱা হৈছিল, য’ত ১৮ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়।হাদী ইনকিলাব মঞ্চৰ মুখপাত্ৰ আছিল আৰু শেহতীয়াকৈ গণ প্ৰতিবাদৰ পিছত তেওঁ এজন প্ৰভাৱশালী যুৱ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল। আগন্তুক সংসদীয় নির্বাচনতো তেওঁ প্রার্থী আছিল৷










