বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে হিংসাৰ ঘটনা পোহৰলৈ অহাৰ সময়তে নির্বাচনী খেলপথাৰৰ পৰা এজন বিশিষ্ট হিন্দু ব্যক্তিক বাদ দিয়াটো ৰাজনৈতিক বিতর্কৰ বিষয় হৈ পৰিছে৷ জাতীয় হিন্দু মহাজোঁটৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ অধিবক্তা গোবিন্দ চন্দ্ৰ প্ৰমানিকৰ মনোনয়ন নাকচ কৰিছে বাংলাদেশ নিৰ্বাচন আয়োগে।
আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে গোপালগঞ্জ-৩ সংসদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ২৮ ডিচেম্বৰত মনোনয়ন পত্ৰ দাখিল কৰে গোবিন্দ চন্দ্ৰ প্ৰমানিক। এই সমষ্টিৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ইয়াক তেওঁৰ পৰম্পৰাগত আসন হিচাপে গণ্য কৰা হয়। অহা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত হিন্দু সম্প্ৰদায়ৰ পৰা প্ৰমানিকক শক্তিশালী প্ৰাৰ্থী হিচাপে দেখা গৈছিল।
অৱশ্যে নিৰ্বাচন আয়োগে তেওঁৰ মনোনয়ন নাকচ কৰে। নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি যিকোনো নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়নৰ লগতে নিজৰ সমষ্টিৰ মুঠ ভোটাৰৰ ১ শতাংশৰ স্বাক্ষৰ দাখিল কৰিব লাগিব। প্ৰমানিক কয় যে, তেওঁ সকলো স্বাক্ষৰ সময়মতে জমা দিছিল যদিও শেষ মুহূৰ্তত ৰিটাৰ্নিং অফিচাৰে সেইবোৰ অবৈধ বুলি ঘোষণা কৰিছিল।
বিএনপিৰ নিৰ্দেশত স্বাক্ষৰ কৰা লোকসকলে স্বাক্ষৰ প্ৰত্যাহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে গোবিন্দ চন্দ্ৰ প্ৰমানিকে, তাৰ পিছত নিৰ্বাচন আয়োগে তেওঁৰ মনোনয়ন বাতিল কৰে। তেওঁ কয় যে, তেওঁ নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদন দাখিল কৰিব আৰু প্ৰয়োজন হ’লে আনকি আদালতৰ কাষ চাপিব।
এই বিষয় সন্দৰ্ভত বাংলাদেশৰ জ্যেষ্ঠ সাংবাদিক চালাহুদ্দিন শ্বোয়াইব চৌধুৰীয়ে দাবী কৰে যে, দেশৰ প্ৰতিষ্ঠানসমূহে নিৰ্বাচনত বিএনপিৰ জয় নিশ্চিত কৰাৰ বাবে কাম কৰি আছে। তেওঁৰ মতে, নিৰ্বাচন আয়োগে যাতে কোনো স্বতন্ত্ৰ, জনগোষ্ঠীয় দল, বা জামাত-ই-ইছলামীৰ প্ৰাৰ্থী জয়ী নহয়, তাৰ বাবে চেষ্টা কৰিছে, যাৰ ফলত বিএনপিৰ প্ৰাৰ্থীৰ প্ৰতি কোনো প্ৰত্যাহ্বান নাই।
শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পাছত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ড০ ইউনুছক সমৰ্থন কৰাৰ বাবেও প্ৰমানিক বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও হিন্দু সংগঠনৰ বিশিষ্ট ব্যক্তিত্ব দীৰ্ঘদিন ধৰি আছিল। বাংলাদেশত সংখ্যালঘু ভোটাৰে বহু আসনত নিৰ্ণায়ক ভূমিকা পালন কৰে আৰু এজন বিশিষ্ট হিন্দু প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাৰ ফলত নিৰ্বাচনী ন্যায়পৰায়ণতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হয়।









