কংগ্ৰেছ দল দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ সৃষ্টিকাৰি। ৰাকেশ পালৰ সৃষ্টিকাৰি। কংগ্ৰেছৰ দিনত এটা কিনিলে দুটা ফ্ৰী আছিল। মুন্নাভাই এচিএছ, মুন্নাভাই এপিএছৰ সৃষ্টকাৰি কংগ্ৰেছ দল। আনকি ভঙা কাঠৰ দলঙৰ মালিকো আছিল কংগ্ৰেছ দল’। কংগ্ৰেছক এইদৰে চোকা ভাষাৰে সমালোচনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি সেৱাপষেক উপলক্ষে বাইহাটা চাৰিআলিৰ গুইয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সংবাদ মধ্যমৰ আগত পুনৰবাৰ কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে।
কংগ্ৰেছৰ বিৰুদ্ধ সৰৱ হোৱাৰ উপৰি ভৱেশ কলিতাই বিজেপিৰ এছ চি মৰ্চাৰ নেতা অসীম দাসক দলৰ পৰা অব্যাহুতি দিয়াৰ লগতে সোণাৰী যুৱ নেতাৰ মৃত্যুত নাম সাঙোৰ খোৱা বিজেপি নেতা ৰঞ্জিত বৰগোঁহাইকো দলৰ পৰা অব্যাহতি দিয়াৰ কথা উল্লেখ কৰে।
আনহাতে, বিজেপি সদস্য পদ নল’লে অৰুণোদয় আঁচনি নাপাব বুলি বিৰোধীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ভৱেশ কলিতাই কয় যে মই দলৰ সভাপতি হিচাবে দলীয় কৰ্মীক অগ্ৰাধিকাৰ দিয়াটো মোৰ দায়িত্ব। বিজেপি সদস্যই অৰুণোদয় পালে কোনো মহাভাৰত অশুদ্ধ নহয় বুলিও কয় সভাপতি ভৱেশ কলিতাই।