• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি কাতি বিহু! খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ সাজু প্ৰতিগৰাকী অসমীয়া

Nation NE by Nation NE
October 17, 2024
in Top News, অসম
0 0
আজি কাতি বিহু! খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ সাজু প্ৰতিগৰাকী অসমীয়া
Share on FacebookShare on TwitterWhatsApp

তুলসীৰ তলে তলে মৃগ পহু চৰে।

তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে৷।

আজি কাতি বিহু৷ অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুৰ অন্যতম বিহু কাতি বিহু৷ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া।

আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা  কাতি বিহুত ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া। আজিৰ দিনটোত তুলসী তলৰ চাকিগছি, আকাশবন্তিৰে উদ্ভাসিত হয় অসমৰ প্ৰতিটো প্ৰান্ত। তুলসী তলত চাকিগচি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰে। কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাত চাকি জ্বলাই কৃষকসকলে শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে। আকাশ বন্তিৰ পোহৰে উজ্বলি উঠে অসমীয়াৰ পদূলি৷

চহা জীৱনৰ সৈতে সংপৃক্ত হৈ থকা অসমীয়া সমাজে পৰম্পৰা ৰক্ষা কৰি কাতি বিহু পালন কৰি আহিছে৷ ভোগালী আৰু ৰঙালী বিহুতকৈ কাতি বিহুৰ তাৎপৰ্য কিছু পৰিমাণে সুকীয়া৷ কৃষিজীৱী অসমীয়াৰ জাতীয় জীৱনৰ এক অভিন্ন অংগ কাতি বিহু৷ কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম আৰু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়৷

এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালিধান চপাবলৈ যথেষ্ট সময় থাকে৷ অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্‌যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়৷

কাতি বিহুৰ দিনা সেউজীয়া ধাননি ডৰাত চাকি জ্বলাই শস্যৰ বৃদ্ধিৰ বাবে লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনায় প্ৰতিজন অসমীয়াই। উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য  অবিহনে পালন কৰে এই বিহু। অসমীয়া ৰাইজে ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰূপত এই বিহু পালন কৰি আহিছে।

এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তুলসীৰ গুৰিত চাকি জ্বলাই প্ৰাৰ্থনা কৰাৰ লগতে নাম-কীৰ্তন পৰিৱেশন কৰে৷  এই দিনটোত চোতালৰ আগৰ ভঁৰালৰ কাষত বনোৱা হয় তুলসী-ভেটি। এটি সুন্দৰ তুলসী পুলি ৰুই তাৰ গুৰিত ঘৰৰ চোতালৰ চৌপাশ থকা খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলোৱাৰ উপৰি মাহ–প্ৰসাদ আগবঢ়ায়। তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা, হাঁহ–ছাগলীৰ গঁৰালৰ সন্মুখতো মাটিৰ চাকি জ্বলোৱা হয়। গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি ঔটেঙাৰ বাকলিও ব্যৱহাৰ কৰে।ঠায়ে ঠায়ে আকাশ বন্তিও জ্বলোৱা হয়৷

শস্য সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৃষক সমাজে যিদৰে কৰি আহিছে সিয়েই হ’ল কাতি বিহুৰ সাম্প্ৰতিক ৰূপ। কঙালীৰ মাজতে এই বিহু উদ্‌যাপিত হ’লেও পৌৰাণিক কালৰে পৰা কৃষিজীৱী সাধাৰণ ৰাইজে শস্যৰ মংগলৰ অৰ্থে কাতি বিহুৰ দিনটোত ভগৱানক প্ৰাৰ্থনা কৰি আহিছে।

ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়৷ শ্যামল পথাৰখনত সোণগুটিৰ থোক পেলোৱাৰ আনন্দই কৃষকৰ মুখলৈ লৈ আহে হাঁহি আৰু আশাৰ বতৰা৷

শ্যামল পথাৰখনে কঢ়িয়াই আনে নান্দনিক দৃশ্য৷ এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ’লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়৷ শস্য সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৃষক সমাজে যিদৰে কৰি আহিছে সিয়েই হ’ল কাতি বিহুৰ সাম্প্ৰতিক ৰূপ।

কঙালীৰ মাজতে এই বিহু উদ্‌যাপিত হ’লেও পৌৰাণিক কালৰে পৰা কৃষিজীৱী সাধাৰণ ৰাইজে শস্যৰ মংগলৰ অৰ্থে কাতি বিহুৰ দিনটোত ভগৱানক প্ৰাৰ্থনা কৰি আহিছে।কাতি বিহু উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে কংক্ৰিটৰ মহানগৰীতো কাতি বিহুৰ আয়োজন কৰা হৈছে৷

Tags: #AssamBihuFestival

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025