হোজাইত গঢ়ি উঠিছে ভুৱা জন্মৰ প্ৰমাণ পত্ৰ বনোৱাৰ এটা বৃহৎ ঘাটি। জিলাখনৰ লংকাত এগৰাকী আশা কৰ্মীয়ে ধনৰ বিনিময়ত জন্মৰ প্ৰমাণ পত্ৰ বনোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।
লংকাৰ নখুটী আমবাৰীৰ হালিমা খাতুন নামৰ এগৰাকী আশা কৰ্মীয়ে অঞ্চলটোৰ বহু কেইগৰাকী মহিলাৰ পৰা ল’ৰা-ছোৱালীৰ জন্মৰ প্ৰমাণ পত্ৰ বনাই দিয়াৰ নামত ধন সংগ্ৰহ কৰি আহিছে। আশা কৰ্মীগৰাকীৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ মহিলাই।
আশা কৰ্মী হালিমা খাতুনে ধন লোৱাৰ দৃশ্যও বন্দী হৈছে মোবাইল কেমেৰাত। আনহাতে হোজাই কাৰ্বি আংলং সীমান্তৱৰ্তী বনাঞ্চলৰ ভূমিত বসবাস কৰা একাংশ উচ্ছেদিত লোকৰ পৰাও বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত ভুৱা জন্মৰ প্ৰমাণ প্ৰদান কৰিছে হালিমা খাতুন নামৰ আশা কৰ্মীগৰাকীয়ে।
যি সময়ত ৰাজ্যত একাংশ মিঞা বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আছে তেনে সময়তে এইগৰাকী হালিমা খাতুনে এইদৰে জন্মৰ ভুৱা প্ৰমাণ পত্ৰ বনোৱা কাৰ্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।