জালুকবাৰী জিলা মণ্ডলৰ সভাপতি কমল দে’ৰ কাণ্ডক লৈ ৰহস্য৷ নিশা পাণ্ডুৰ শংকৰ নগৰত দুৰ্ঘটনাত পতিত হৈছিল কমল দে’৷ স্কুটাৰত আহি থাকোতে পতিত হৈছিল দুৰ্ঘটনাত৷
পিছলৈ গুৰুতৰভাৱে আহত কমল দে’ক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷
বিজেপি দলৰ জালুকবাৰী জিলা মণ্ডলৰ সভাপতি কমল দে’ৰ প্ৰাণ লৈ দুৰ্বৃত্তই পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ। পুৱতি নিশা উদ্ধাৰ কৰা হৈছিল কমল দে’ক। তাৰ পিছত তেওঁক স্বাগত হাস্পতাললৈ লৈ যোৱা হৈছিল, যদিও চিকিৎসকে ইতিমধ্যে মৃত বুলি ঘোষণা কৰে।
স্থানীয় লোকৰ মতে, কোনো দুৰ্ঘটনাতে প্ৰাণ হেৰুওৱা নাই কমল দে’ই। কোনো অজ্ঞাত দুৰ্বৃত্তই প্ৰাণ লোৱা বুলি সন্দেহ স্থানীয় লোকৰ। নিশা প্ৰায় ২ বজালৈ ৰাজপথতে পৰি আছিল কমল দে’। দুটা সন্তানৰ পিতৃ আছিল বিজেপি নেতা কমল দে’।
গতিকে প্ৰকৃততে বিজেপি নেতা কমল দে’ৰ সৈতে নিশা কি হৈছিল, সেয়া লৈ সমগ্ৰ বিষয়টো ৰহস্যৰ আবৰ্তত সোমাই আছিল যদিও বৰ্তমান পোহৰলৈ আহিছে বিজেপি নেতা কমল দে’ৰ দুৰ্ঘটনাৰ CCTV ভিজুৱেল। নিশা পাণ্ডুত নিয়ন্ত্ৰণ হেৰুৱাই স্কুটাৰসহ পথত বাগৰি পৰিছিল কমল দে’। লগতে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈছিল কমল দে’।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ অব্যাহত ৰাখিছে অনুসন্ধান।