দুৰ্গা পূজাৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া বিটিআৰ নিৰ্বাচনত মিত্ৰতা অবিহনেই নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ’ব বুলি কৰা ঘোষণাৰ পিছতেই বড়োভূমিত নিজৰ ভেটি সুদৃঢ় কৰিবলৈ তপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি।
ইতিমধ্যে বড়োভূমিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগ্ৰাসী ৰূপত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। মাৰাথন প্ৰচাৰ অব্যাহত ৰখাৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰি জিলাৰ তিনিটা স্থানত বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘বিটিআৰত ভাৰতীয় জনতা পাৰ্টিৰ ছুনামি আহিছে। বিটিআৰত অস্ত্ৰৰ ঝনঝননিত ভোট নহয়, এতিয়া নমস্কাৰ লৈ ভোট খোজাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে।’
বিটিআৰৰ ভিচিডিচি সমূহ বৰালি মাছৰ দৰে হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ আঁচনি সমূহ বৰালি মাছৰ পেটলৈ যায় বুলি কটাক্ষ কৰে।
তেওঁ লগতে কয় যে ২০০৩ চনৰ আগৰ লোকে মাটিৰ অধিকাৰৰ লগতে সকলো মহিলাই অৰুণোদয় লাভ কৰিব।
জাতি-ধৰ্ম নিৰ্বিশেষে পুদুমৰ ছবিত ভোট দি বিটিআৰত ভাৰতীয় জনতা পাৰ্টিক পৰিষদীয় সমষ্টিত বিজয়ী কৰাবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই।
ৰাজ্যত টকা নিদিয়াকৈ, নোখোৱাকৈ যেনেকৈ চৰকাৰী চাকৰিত নিযুক্তি দিছো তেনেকৈয়ে কোকৰাঝাৰতো টকা নোখোৱাকৈ চাকৰি দিয়াৰ ব্যৱস্থা কৰিব বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে।
ওদালগুৰিত ২০ হাজাৰতকৈ অধিক অৰুণোদয় আঁচনি দিয়াৰ লগতে গৰুৱাঝাৰত মহাবিদ্যালয়, কুলশী নদীৰ ওপৰত দলং, বাদলাপাৰাৰ শুকলাই-কালা নদীৰ ওপৰত দলং, মইনাগুৰিত মিনি পানী যোগান আঁচনি, ওৰঙ্গাজুলি খেল পথাৰ খনক উন্নত খেলপথাৰলৈ, হাতীগড়ক মিনি খেল পথাৰলৈ, হাতিগড় উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নতি কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।