এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনে পুনৰ জোকাৰিছে ৰাজ্য। সোমবাৰে কোকৰাঝাৰত অনুষ্ঠিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দিনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবেদন দাখিল কৰিছিল।
অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, তেওঁৰ পুত্ৰ গৌৰৱ গগৈ, অখিল গগৈ, কমল কুমাৰ মেধি আদিৰ দৰে নেতাৰ সৈতে ৰাকেশ পালৰ সুসম্পৰ্ক থকা বুলি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে।
এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে। সংবাদমেলৰ জৰিয়তে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ভিত্তিত শীঘ্ৰেই অসম চৰকাৰক গোচৰ ৰুজু কৰাৰ দাবী জনাইছে।
সভাপতি শইকীয়াৰ মতে, ‘কংগ্ৰেছ মানেই কৰাপচন, কৰাপচন মানেই কংগ্ৰেছ’। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈকো এ পি এছ চি কেলেংকাৰীৰে সাঙুৰিলে সভাপতি দিলীপ শইকীয়াই।
ৰাকেশ পালক এ পি এছ চি কেলেংকাৰীৰ ‘কামাণ্ডাৰ-ইম-চীফ’ আখ্যা দি প্ৰতিবেদনত অভিযুক্ত কৰা প্ৰতিজনৰ বিৰুদ্ধে গোচৰ তৰাৰ দাবী জনাই সভাপতি শইকীয়াই।
ইফালে, এসময়ৰ কৃষক মুক্তি সংগ্ৰাম পৰিষদৰ প্ৰাক্তন নেতা তথা বৰ্তমানৰ বিজেপি নেতা কমল কুমাৰ মেধিয়ে তিনি লাখ টকা লোৱা বুলি প্ৰতিবেদনত উল্লেখ থকা বিষয় সন্দৰ্ভতো সভাপতি শইকীয়াই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।
এ পি এছ চি কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱা কমল কুমাৰ মেধিক তদন্তকালত দলীয় বিষয়বাবৰ পৰা আঁতৰাই ৰখাৰ ইংগিত প্ৰদান কৰে সভাপতিগৰাকীয়ে।
তেওঁ লগতে অসমৰ যুৱ সমাজে কংগ্ৰেছৰ পৰা প্ৰায়শ্চিত্ত বিচাৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছৰ দিনত হোৱা সকলোবোৰ নিযুক্তিক লৈ শ্বেতপত্ৰ প্ৰকাশৰো দাবী তোলে।










