বহু ঘাট প্ৰতিঘাটৰ মাজেৰে দেশৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা তথা সাম্প্ৰতিক সময়ৰ দেশৰ শাসনাধিষ্ঠ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ সাজু হৈছে। ৬ এপ্ৰিল অৰ্থাত দেওবাৰে দেশজুৰি পালন কৰা হ’ব দলটোৰ প্ৰতিষ্ঠা দিৱস।
দেশৰ অন্য প্ৰান্তৰ লগতে দেওবাৰে অসমতো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ’ব দলটোৰ প্ৰতিষ্ঠা দিৱস। এই উপলক্ষ্যে বিভিন্ন কাৰ্যসূচী ঘোষণা কৰিছে ৰাজ্যিক বিজেপিয়ে।
দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে দেওবাৰৰ দিনটোত ৰাজ্যৰ প্ৰতিজন কাৰ্যকৰ্তাৰ নিজ ঘৰত দলৰ মৰ্যদাপূৰ্ণভাৱে দলীয় পতাকা উত্তোলন কৰি দলীয় পতাকাৰ সৈতে এটা চেলফি ফটো লৈ #BJP4ViksitBharat ব্যৱহাৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিবলৈ আহ্বান জনায়।
ইফালে দলটোৰ সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়-ববীয়া, নিৰ্বাচিত প্ৰতিনিধিকে ধৰি সকলো দলীয় জ্যেষ্ঠ-শ্ৰেষ্ঠ কাৰ্যকৰ্তাক পুৱা নিজৰ বাসগৃহত পতাকা উত্তোলন কৰিবলৈও আহ্বান জনাই ৰাজ্যিক বিজেপিয়ে।
এই নিৰ্দেশনা প্ৰদান কৰি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত সকলো দলীয় কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।