উত্তৰ প্ৰদেশৰ অযোধ্যাস্থিত ৰাম মন্দিৰক বোমাৰে উৰুৱাই দিব বুলি ধমকভৰা ইমেইল লাভ কৰাৰ পিছতে এই বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি ইমেইল প্ৰেৰণ কৰা অজ্ঞাত লোকৰ বিৰুদ্ধে মঙলবাৰে এফ আই আৰ দাখিল কৰিছে।
দেওবাৰে প্ৰদান কৰা ইমেইলটোত মন্দিৰটো বোমাৰে উৰুৱাই দিয়াৰ ধমক প্ৰদান কৰাৰ লগতে সুৰক্ষা বৃদ্ধি কৰিবলৈও নিৰ্দেশনা প্ৰদান কৰিছিল।
ইফালে ধমক ভৰা ইমেইল লাভ কৰাৰ পিছতে আৰক্ষী প্ৰশাসনে মন্দিৰটোত তালাচী চলোৱাৰ লগতে সকলোকে সতৰ্ক হৈ থাকিবলৈও নিৰ্দেশ প্ৰদান কৰে।
অৱশ্যে তালাচী অভিযানত বিশেষ একো আপত্তিজনক সামগ্ৰী লাভ কৰা নাই যদিও বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি ৰাম জন্মভূমি ট্ৰাষ্ট কাৰ্যালয়ৰ একাউণ্ট বিষয়া মহেশ কুমাৰে চাইবাৰ থানাত এজাহাৰ দাখিল কৰে।
উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে ৰাম মন্দিৰলৈ আহে অসংখ্য ভক্ত। যাৰ বাবে প্ৰশাসনে সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি ৰাখিব নিবিচাৰে। শেহতীয়াকৈ অহা ধমকৰ পিছতে প্ৰশাসনে সতৰ্কতা জাৰি কৰাৰ লগতে বৃদ্ধি কৰিছে সুৰক্ষা।