No Result
View All Result
পুনৰ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে বাংলাদেশৰ লেখিকা তছলিমা নাছৰিন। শেহতীয়াকৈ প্ৰকাশ পাইছে তছলিমা নাছৰিনৰ নতুন গ্ৰন্থ চুম্বন। মূলতঃ বাংলা ভাষাত লিখা এই গ্ৰন্থখনৰ নাম হৈছে চুম্বন। এই গ্ৰন্থখনৰ হিন্দী অনুবাদো আছে। এই গ্ৰন্থখনত তছলিমাৰ কিছুমান কাহিনীৰ সংকলনো আছে।
লেখিকাগৰাকীৰ গ্ৰন্থ থকাৰ বাবে বাংলাদেশত ভাঙি দিয়া হয় গ্ৰন্থমেলাৰ কিতাপৰ বিপণি। পিছে একাংশ বাংলাদেশীলোকে এই গ্ৰন্থক মুছলমানবিৰোধী গ্ৰন্থ আখ্যা দিছে। গ্ৰন্থমেলাত ফালি-ছিৰি দলিয়াই পেলোৱা হয় এই গ্ৰন্থখন।বাংলাদেশৰ বিখ্যাত অমৰ ২১ গ্ৰন্থমেলাত এই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে।
ইফালে গ্ৰন্থমেলাৰ বিপনীত হোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা দিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন মহম্মদ ইউনুছ চৰকাৰে। এই আক্ৰমণ হৈছে বাংলাদেশৰ নাগৰিকৰ অধিকাৰ আৰু দেশৰ আইনৰ প্ৰতি এক চূড়ান্ত অপমান। গতিকে বাংলাদেশ চৰকাৰে এই আক্ৰমণক উচিত তদন্তৰ নিৰ্দেশ দিছে।
আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীৰ মতে, একাংশ লোক গ্ৰন্থমেলাৰ এই কিতাপৰ বিপণিলৈ আহি তছলিমা নাছৰিনৰ গ্ৰন্থ দেখি ক্ষোভিত হৈ পৰে। ইয়াৰ পিছতেই বিক্ৰেতাক তছলিমাৰ কিতাপ কিয় ৰাখিছে বুলি প্ৰশ্ন কৰি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত তেওঁলোকে গ্ৰন্থৰ বিপণি ভাঙি তছলিমাৰ কিতাপসমূহ দলিয়াই দিয়ে।
উল্লেখ্য যে, ১৯৯৪ চনত ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগত বাংলাদেশ চৰকাৰে তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে আৰু জামিন অযোগ্য গ্ৰেপ্তাৰৰ আদেশ জাৰি কৰে। প্ৰায় তিনিমাহলৈ আত্মগোপন কৰাৰ পিছত উচ্চ আদালতৰ নিৰ্দেশ মৰ্মে তেওঁৰ জামিন মঞ্জুৰ হয় আৰু তেওঁ বাংলাদেশ এৰিবলৈ বাধ্য হয়। তেতিয়াৰে পৰাই নিৰ্বাসিত হৈ আছে তছলীমা নাছৰিন।
No Result
View All Result