ওড়িশাৰ কোৰাপুট জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বিগত কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত শনিবাৰে কোৰাপুট বাছ ষ্টেণ্ডৰ সমীপৰ এটা মাৰ্কেট কমপ্লেক্স অট্টালিকা ভাঙি পৰে। এই ঘটনাৰ ফলত এজন লোকৰ মৃত্যু হয়।
আনহাতে ৫ জনতকৈ অধিক লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে। অট্টালিকাটো ভাঙি পৰাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় অগ্নিনিৰ্বাপক সেৱা, অ’ডিআৰএএফ আৰু স্থানীয় আৰক্ষীৰ দলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
তথ্য অনুসৰি কোৰাপুট বাছ ষ্টেণ্ডৰ সমীপৰ তিনিখন দোকানো এই ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।
ওড়িশা দুৰ্যোগ ৰেপিড একচন ফ’ৰ্চৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।
বিষয়াসকলে সন্দেহ কৰিছে যে দোকানৰ মালিককে ধৰি ৫ জনতকৈ অধিক লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ আছে। অৱশ্যে বৰ্তমানলৈ ভুক্তভোগীৰ সঠিক সংখ্যা নিশ্চিত হোৱা নাই।