জংঘলত খৰি আনিবলৈ যোৱা নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ডৰ অপচেষ্টা। কাছাৰৰ কাঞ্চনপুৰত গ্ৰেপ্তাৰ কৰা হৈছে ৪ যুৱকক। স্থানীয় ৰাইজে হাতত আটক কৰে এই ৪ লম্পট যুৱকক।
এই চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে কাছাৰৰ কাঞ্চনপুৰত। জানিব পৰা মতে, স্থানীয় এগৰাকী ১৭ বছৰীয়া নাবালিকা কিশোৰী ঘৰৰ কাষতে থকা জংঘলত খৰি আনিবলৈ গৈছিল৷ তেতিয়াই নাবালিকা গৰাকীক অকলশৰে পাই ৪ লম্পট যুৱকে ভয়ংকৰ কাণ্ডৰ অপচেষ্টা চলায়।
কিন্তু নাবালিকাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত প্ৰতিবেশী লোকসকল ঘটনাস্থলীত উপস্থিত হৈ ৪ লম্পটকে আটক কৰে। তাৰ পিছত স্থানীয় লোকে চাৰিওটাকে লপাথপা দি আৰক্ষীৰ হাতত গতাই দিয়ে। ধৃত ৪ যুবকৰ নামৰ খইৰুল উদ্দিন, ৰফিক আহমেদ, চহিদ আহমেদ আৰু চামছুল আলম বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত শিলচৰ নেচনেল হাইৱে আৰক্ষী থানাত ভুক্তভোগীৰ পৰিয়ালে গোচৰ ৰুজু কৰিছে।