চীনক মোক্ষম আঘাত দিছে কানাডাই। কানাডা চৰকাৰে এক নিৰ্দেশ জাৰি কৰি চীনৰ এটা বৃহৎ কোম্পানীক দেশৰ সকলো কাম-কাজ বন্ধ কৰিবলৈ কয়। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্নি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে।
কানাডাৰ উদ্যোগ মন্ত্ৰী মেল’নি জ’লীয়ে ২৭ জুনত কয় যে কানাডা চৰকাৰে চীনৰ চোৰাংচোৱা সঁজুলি নিৰ্মাতা কোম্পানী হিকভিজনক কানাডাত কাম কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কয় যে কানাডাত কাম কৰা হিকভিজন কোম্পানী ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি হৈ উঠিব পাৰে। কানাডাৰ নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাই প্ৰদান কৰা তথ্যৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে বুলি জ’লীয়ে কয়।
ইতিমধ্যে বহু আন্তঃৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ ৰাডাৰত আছে হাইকভিজন কোম্পানী। ইতিমধ্যে আমেৰিকাই এই কোম্পানীটোক ব্লেকলিষ্ট কৰিছে আৰু ইউৰোপীয় সংঘইও ইয়াৰ ওপৰত বহু প্ৰশ্ন উত্থাপন কৰিছে। অভিযোগ কৰা হৈছে যে হিকভিজনৰ সামগ্ৰীসমূহ চীন চৰকাৰে চোৰাংচোৱাগিৰি, মানৱ অধিকাৰ উলংঘা আনকি উইঘুৰ মুছলমানক অত্যাচাৰ কৰিবলৈ ব্যৱহাৰ কৰি আহিছে।
এনে প্ৰেক্ষাপটত কানাডাৰ এই পদক্ষেপ আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে কাৰণ ই কেৱল কাৰিকৰী নিষেধাজ্ঞা নহয় বৰঞ্চ কানাডাই নিজৰ ডিজিটেল সীমান্তৰ নিৰাপত্তাক শীৰ্ষ অগ্ৰাধিকাৰ দিয়াৰ কূটনৈতিক বাৰ্তাও।
কানাডা আৰু চীনৰ মাজৰ সম্পৰ্ক ইতিমধ্যে এক সুক্ষ্ম পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে। হুৱেই, মাইকেল কভ্ৰিগ আৰু মাইকেল স্পেভাৰৰ গ্ৰেপ্তাৰ, হংকঙৰ নীতি আৰু এতিয়া হিকভিজন নিষেধাজ্ঞা, এই সকলোবোৰ ঘটনাই দুয়োখন দেশৰ সম্পৰ্কত উত্তেজনাৰ কাৰণ হৈ পৰিছে। এতিয়া এই সিদ্ধান্তৰ প্ৰতি বেইজিঙে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষ্যণীয়।
কানাডাৰ এই পদক্ষেপক চীনে ৰাজনৈতিকভাৱে প্ৰেৰিত বুলি অভিহিত কৰিব পাৰে। ইয়াৰ ফলত বাণিজ্য আৰু কূটনৈতিক আলোচনাত অধিক প্ৰভাৱ পৰিব পাৰে। ইয়াৰ উপৰিও কানাডাই চীনে দেশখনত ভুল আৰু গোপনীয়ভাৱে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে।