কানাডাৰ কেলেডনত থকা ভাৰতীয় মূলৰ ব্যৱসায়ী ৰণবীৰ মাণ্ডৰ গৃহত হয় তীব্ৰ গুলীচালনা। তেওঁৰ গাড়ী, গেৰেজ, গৃহত ১৬টাকৈ গুলী নিক্ষেপ কৰা হয়। গুলীচালনাৰ লগত কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ খৱৰ পোৱা গৈছে।
খবৰ অনুসৰি, ব্যৱসায়ীজনক ২০ লাখ টকাৰ মুক্তিপণ বিচাৰিছিল। যেতিয়া তেওঁ এই ধন দিবলৈ অস্বীকাৰ কৰে, তেতিয়া তেওঁৰ গৃহত গুলীচালনা হয়। অৱশ্যে এই ক্ষেত্ৰত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। কানাডা আৰক্ষীয়ে এই বিষয়ৰ তদন্ত অব্যাহত ৰাখিছে।
ৰণবীৰ মাণ্ডে বুজাই দিয়ে যে তেওঁ প্ৰায় ৩০ বছৰ পূৰ্বে কানাডালৈ প্ৰব্ৰজন কৰিছিল আৰু নিজাকৈ ৰেষ্টুৰেণ্ট আৰু নিৰ্মাণ কোম্পানী চলাই আছে। তিনিমাহ পূৰ্বে লৰেন্স বিষ্ণোই চক্ৰই তেওঁৰ পৰা মুক্তিপণ দাবী কৰিছিল। যেতিয়া তেওঁ নাকচ কৰে, তেতিয়া ইংলেণ্ড আৰু ইটালীৰ হোৱাটছএপ নম্বৰৰ পৰা ভাবুকি দিয়ে।
কানাডাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছৰে পৰা অধিক বিপজ্জনক হৈ পৰিছে বিষ্ণোই গেং। ২৯ ছেপ্টেম্বৰত কানাডা চৰকাৰে বিষ্ণোই গেংটোক নিষিদ্ধ কৰাৰ পিছৰে পৰা একাধিক গুলীচালনা সংঘটিত কৰিছে। এই ঘটনাৰ দায়িত্ব মুকলিকৈ স্বীকাৰ কৰিছে বিষ্ণুই চক্ৰৰ সদস্যই।
কানাডা চৰকাৰে দাবী কৰিছে যে বিষ্ণোই গেঙে কানাডাত উগ্ৰবাদ বিয়পাইছে। কেইবাবছৰ ধৰি কানাডাত লক্ষ্য কৰি হত্যাকাণ্ডৰ সৈতে জড়িত হৈ আছে বিষ্ণোই চক্ৰটোৱে। শিখ উগ্ৰপন্থীক বাৰে বাৰে লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে বিষ্ণুই চক্ৰটোৱে। কানাডাতো কেইবাটাও বৃহৎ আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে বিষ্ণোই চক্ৰটোৱে। কানাডাত সক্ৰিয় হৈ আছে বিষ্ণুই গেঙৰ গোল্ডি ব্ৰাৰ, অভিজিত কিংৰা আৰু গোল্ডি ধিলন।











