ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে ভাৰত আৰু কানাডাৰ সম্পৰ্ক। কানাডাই সম্পৰ্ক উন্নত কৰাৰ পৰিৱৰ্তে ইয়াক আৰু বেয়া কৰাৰহে চেষ্টা কৰা পৰিলক্ষিত হৈছে। জাষ্টিন ট্ৰুডো চৰকাৰে ভাৰতৰ বিৰুদ্ধে আন এক প্ৰৰোচনামূলক পদক্ষেপ গ্ৰহণ কৰিছে।
দৰাচলতে, এইবাৰ কানাডাই চৰকাৰী নথি-পত্ৰত ভাৰতক শত্ৰু দেশ বুলি অভিহিত কৰিছে। কানাডাই ভাৰতক শত্ৰু দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। চীন, ৰাছিয়া, ইৰাণ আৰু উত্তৰ কোৰিয়াৰ দৰে ভাৰতেও এতিয়া এই তালিকাত অন্তৰ্ভুক্ত হৈছে।
কানাডাৰ শেহতীয়া চাইবাৰ ছিকিউৰিটি ৰিপৰ্টত এই কথা উল্লেখ কৰা হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে ভাৰত আৰু কানাডাৰ সম্পৰ্কত উত্তেজনা সৃষ্টি হোৱাৰ পিছত ভাৰতক সমৰ্থন কৰা ‘হেকটিভিষ্ট গ্ৰুপ’ৰ দ্বাৰা কানাডাৰ ৱেবছাইটত আক্ৰমণৰ সম্ভাৱনা আছে।
চাইবাৰ ছিকিউৰিটি চেণ্টাৰে প্ৰকাশ কৰিছে এই চাইবাৰ ছিকিউৰিটি ৰিপৰ্ট। ট্ৰুডো চৰকাৰে ‘ৰাষ্ট্ৰীয় চাইবাৰ ভাবুকি মূল্যায়ন ২০২৫-২৬’ নামেৰে এই প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদনত কানাডাৰ ৱেবছাইটত ভাৰতে চাইবাৰ আক্ৰমণ কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে কানাডাৰ চোৰাংচোৱা সংস্থাই সতৰ্কবাণী জাৰি কৰিছিল। এই সতৰ্কবাণীত কোৱা হৈছে যে ভাৰতে কানাডাত বৃহৎ চাইবাৰ আক্ৰমণ চলাব পাৰে। কানাডাৰ ৱেবছাইটসমূহক ভাৰতে লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰিছিল।