প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত ২ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় আবকাৰী বিভাগৰ অধীনস্থ সচিব ধীৰাজ শৰ্মাই জাৰি কৰিছে জাননী।
এই আদেশ ৮ এপ্ৰিল অৰ্থাত মাজ নিশা ১২ বজাৰ পৰা কাৰ্যকৰী হ’ব। আবকাৰী শুল্ক বৃদ্ধি পালেও এই বোজা গ্ৰাহকৰ ওপৰত নপৰে বুলি মন্তব্য কৰিছে চৰকাৰে।
চৰকাৰী আদেশ অনুসৰি সোমবাৰে চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি কৰে। এই নিৰ্দেশত উল্লেখ কৰা হৈছে যে পেট্ৰ’লৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ১৩ টকা আৰু ডিজেলৰ ওপৰত প্ৰতি লিটাৰত ১০ টকালৈ আবকাৰী শুল্ক বৃদ্ধি কৰা হৈছে।
এই বৃদ্ধিৰ ফলত ইয়াৰ খুচুৰা মূল্যত কি প্ৰভাৱ পৰিব সেই কথা উল্লেখ কৰা হোৱা নাই, তথাপিও খুচুৰা মূল্যৰ কোনো পৰিৱৰ্তন নহ’ব বুলি তেল মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা কৈছে।











