মগজুলৈ তেজৰ সোঁত বন্ধ হৈ পৰা এক গুৰুতৰ অৱস্থা হৈছে চেৰিব্ৰেল ষ্ট্ৰোক। ইয়াৰ ফলত মগজুৰ কোষলৈ অক্সিজেন আৰু পুষ্টিকৰ পদাৰ্থৰ যোগানত বাধাৰ সৃষ্টি হয়।
মস্তিষ্কৰ ষ্ট্ৰোক কি?
মগজুলৈ তেজ কঢ়িয়াই নিয়া সিৰা বন্ধ হৈ যোৱা বা ফাটি যোৱা অৱস্থাক চেৰিব্ৰেল ষ্ট্ৰোক বোলে। ইয়াৰ বাবেই মগজুৰ যিকোনো অংশই উপযুক্ত পৰিমাণৰ অক্সিজেন আৰু পুষ্টিকৰ উপাদান নাপায়। যেতিয়া মগজুৱে তেজ নাপায়, তেতিয়া তাত থকা কোষবোৰ শেষ হ’বলৈ আৰম্ভ কৰে। ইয়াক চেৰিব্ৰেল ভেছকুলাৰ এক্সিডেণ্ট বা ব্ৰেইন এটেক বুলিও কোৱা হয়। মস্তিষ্কৰ ষ্ট্ৰোক দুই প্ৰকাৰৰ।
- Ischemic Stroke – এই অৱস্থাত মগজুত তেজ জমা হয়, যাৰ ফলত তেজৰ সোঁত কমি যায়।
- Hemorrhagic Stroke -এই অৱস্থাত ৰক্তবাহী নলী ফাটি মগজুৰ সম্পূৰ্ণ ক্ষতিসাধন কৰে।
চেৰিব্ৰেল ষ্ট্ৰোক লক্ষণ হঠাৎ আৰম্ভ হয়-
- এফালে মুখখন হেলনীয়া হোৱা- ইয়াৰ বাবে ব্যক্তিজনৰ মুখখন এফালে হেলনীয়া হোৱা যেন দেখা যায় আৰু সময়মতে চিকিৎসা নকৰিলে মানুহ মৃত্যু মুখতো পৰিব পাৰে।
- হাত-ভৰিৰ দুৰ্বলতা- ইয়াত শৰীৰৰ এটা ফালত বহুত বিষ হয়।
- কথা কোৱাত অসুবিধা – মস্তিষ্কৰ ষ্ট্ৰোক হ’লে মুখৰ মাত স্পষ্ট নহয়। কথা কওঁতে শব্দবোৰ ভালদৰে ওলাই নাহে।
- আনৰ কথা বুজিব নোৱাৰা – ইয়াৰ দ্বাৰা মানুহৰ বুজিব পৰা শক্তি হঠাতে দুৰ্বল হৈ পৰে। সন্মুখৰ মানুহজনে কি কয় বুজিব নোৱাৰা হয়।
- দৃষ্টিশক্তিৰ সমস্যা- এই অৱস্থাত ৰোগীৰ এটা বা দুয়োটা চকুৰ দৃষ্টিশক্তি ম্লান হ’বলৈ আৰম্ভ কৰে।
- ভাৰসাম্য হেৰুওৱা –ৰোগীয়ে লাহে লাহে নিজৰ দেহৰ ভাৰসাম্যতা হেৰুৱাবলৈ আৰম্ভ কৰে।
প্ৰায়ে মানুহে এনেধৰণৰ লক্ষণক সহজভাৱে লয়। ইয়াক সাধাৰণ সমস্যা বুলি গণ্য কৰি আওকাণ কৰে। যদি আপুনিও এনে কিছুমান লক্ষণ দেখা পাইছে তেন্তে এই গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত, নহ’লে আপুনিও আনকি নিজৰ জীৱন হেৰুৱাব লগা হ’ব পাৰে।