কাইলৈ চেম্পিয়নছ ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ মেচত মুখামুখি হ’ব ভাৰত-পাকিস্তান। ডুবাইত অনুষ্ঠিত হ’বলগীয়া এই মেচখনক অধীৰ অপেক্ষাৰে ৰৈ আছে দুয়োখন দেশৰ লগতে বিশ্বৰ ক্ৰিকেট অনুৰাগীসকল। এই মেচখনত হট ফেভাৰিট হিচাপে অৱতীৰ্ণ হ’ব ভাৰত।
ভাৰতে প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত বাংলাদেশক পৰাস্ত কৰাৰ বিপৰীতে পাকিস্তান দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে ৬০ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ছেমি ফাইনেলৰ দৌৰত তিষ্ঠি থাকিবলৈ পাকিস্তানে টিম ইণ্ডিয়াৰ বিৰুদ্ধে জয়লাভ কৰাটো অতি প্ৰয়োজনীয়।
একে সময়তে ভাৰতেও নিজৰ বিজয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰিব। মেচখনৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানৰ বিৰুদ্ধে খেলখনত অধিনায়ক ৰোহিত শৰ্মাই প্লেয়িং ইলেভেনত কেইভাটাও ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।
পাকিস্তানৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ খেলৰ বাবে ভাৰতৰ সম্ভাৱ্য প্লেয়িং ইলেভেন
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাদেজা, বৰুণ চক্ৰৱৰ্তী, হৰ্ষিত ৰাণা আৰু মহম্মদ ছামী।