ভাৰতত সৰ্বমুঠ প্ৰায় ৪ হাজাৰৰো অধিক নগৰ আছে। দিল্লী হৈছে দেশৰ সবাতোকৈ ডাঙৰ নগৰ আৰু সবাতোকৈ সৰু নগৰখন হৈছে কপুৰথলা। ভাৰতৰ এই নগৰবোৰৰ ভিতৰত এনে এখন নগৰ আছে, যিখন নগৰ তিনিখন ৰাজ্যৰ ৰাজধানী!
এই নগৰখনৰ বিষয়ে জানো আহক-
এই নগৰখনৰ নাম হৈছে চণ্ডীগড়। এই চণ্ডীগড় চহৰ হৈছে, দেশৰ পৰিকল্পিত নগৰসমূহৰ ভিতৰত এখন অন্যতম চহৰ। দিল্লীৰ পৰা প্ৰায় ২৪৩ কিলোমিটাৰ নিলগত থকা এই চহৰখন হৈছে পাঞ্জাৱ আৰু হাৰিয়ানাৰ ৰাজধানী। ইয়াৰ উপৰি কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে চণ্ডীগড়ৰ ৰাজধানী হৈছে চণ্ডীগড়।
ইতিহাসৰ পৃষ্ঠাত উল্লেখ আছে যে, চণ্ডীগড় চহৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ এখন সপোনৰ চহৰ আছিল। পেন্সন প্ৰাপ্তসকলৰ বাবে এই চহৰ স্বৰ্গ বুলি জনাজাত। প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই চহৰখনক অতি পৰিকল্পিতভাৱে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল। যাৰ বাবে আজিও এই চণ্ডীগড় চহৰ দেশৰ অতি শৃংখলাৱদ্ধ চহৰ হিচাপে জনাজাত।