দেশত ধৰ্মান্তৰকৰণৰ এক বৃহৎ নেটৱৰ্ক চলোৱা চাংগুৰ বাবাই ভাৰতক মুছলমান ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই কথা প্ৰকাশ কৰিছে চাংগুৰ বাবাৰ ঘনিষ্ঠ মহম্মদ আহমেদে।
চাংগুৰ বাবাই সমগ্ৰ দেশতে ধৰ্মান্তৰকৰণৰ এটা ডাঙৰ নেটৱৰ্ক চলাই আহিছিল। বাবাৰ সপোন আছিল এখন মুছলমান ৰাষ্ট্ৰ প্ৰতিষ্ঠা আৰু ইয়াৰ বাবে তেওঁ নিজৰ এটা বাহিনীও সাজু কৰি তুলিছিল।
ধৰ্মান্তকৰণৰ প্ৰথম পদক্ষেপ হিচাপে হিন্দু যুৱতী-ছোৱালীসকলক প্ৰেমৰ ফান্দত পেলাই তেওঁক লগ কৰিবলৈ বাধ্য কৰাইছিল। ইয়াৰ পিছতেই বাবাই ইছলামৰ বাৰ্তা প্ৰদান কৰিছিল।
এগৰাকী ভুক্তভোগী মহিলাই প্ৰধান সচিবক সাক্ষাৎ কৰি এই সমগ্ৰ নেটৱৰ্কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ভুক্তভোগীয়ে কয় যে প্ৰথমে বাবাৰ গেঙৰ এগৰাকী মহিলাই মোক বাবাৰ ওচৰলৈ লৈ গৈছিল আৰু বাবাই মোক ইছলামৰ বিশেষত্বৰ বিষয়ে ক’বলৈ ধৰে। সেই সময়ত তাত উপস্থিত থকা নীতু ওৰফে নাৰ্ছলিনেও বাবাক সমৰ্থন কৰে আৰু কয় যে বাবাৰ আধ্যাত্মিক শক্তি আছে, তেওঁৰ আল্লাহৰ সৈতে সংম্পৰ্ক আছে।
প্ৰেমৰ জালৰ উপৰি অসহায় লোকক লক্ষ্য কৰি লোৱা হয় বুলিও জানিবলৈ দিয়ে ভুক্তভোগী গৰাকীয়ে। অসহায় লোকসকলক ধন প্ৰদান কৰি ধৰ্মান্তকৰণ কৰা হয় বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে ভুক্তভোগী মহিলাগৰাকীয়ে।
উল্লেখ্য যে, আল্লাহৰ সৈতে আত্মিক সম্পৰ্ক থকা বুলি দাবী কৰা চাংগুৰ বাবা এতিয়া গ্ৰেপ্তাৰ হৈ জেইলত আছে আৰু লাহে লাহে তেওঁৰ বহু গোপন তথ্য প্ৰকাশ পাবলৈ ধৰিছে। ইয়াৰ উপৰি তদন্তত প্ৰকাশ পাব ধৰ্মান্তকৰণৰ বাবে ক’ৰ পৰা ধন লাভ কৰিছিল আৰু এই বৃহত চক্ৰটোৰ সৈতে কোন কোন লোক জড়িত আছে।