ChatGPT নিৰ্মাণ কৰা কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী OpenAIৰ প্ৰাক্তন গৱেষক সুচিৰ বালাজীক তেওঁৰ ফ্লেটত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। ২৬ নৱেম্বৰত OpenAI ত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰা সুচিৰ বালাজীৰ মৃত্যুৰ বিষয়ে ছান ফ্ৰান্সিস্কো আৰক্ষীয়ে জানিব পাৰিছিল, যিটো আজি সমগ্ৰ বিশ্বৰ সন্মুখত চৰ্চালৈ আহিছে।
বিষয়াসকলে জনোৱা অনুসৰি, ছান ফ্ৰান্সিস্কোৰ বুকানানত থকা নিজৰ ফ্লেটত মৃত অৱস্থাত উদ্ধাৰ হৈছে সুচিৰ বালাজী (২৬)ক। বিদেশী সংবাদ মাধ্যমৰ মতে, সুচিৰ বালাজীয়ে চৰম সিদ্ধান্ত লোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে আৰু কোনো ধৰণৰ ফাউল প্লে’ৰ চিন পোৱা নাই।
উল্লেখ্য যে, সুচিৰ বালাজীয়ে তেওঁৰ বন্ধু-বান্ধৱীৰ লগত কোনো সংযোগ কৰা নাছিল, ইয়াৰ পিছত তেওঁৰ বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকলে তেওঁক লৈ চিন্তিত হৈ পৰিছিল আৰু এই বিষয়ে আৰক্ষীক অৱগত কৰিছিল। ২৬ নৱেম্বৰৰ দুপৰীয়া ১ বজাৰ ওচৰত বালাজীৰ ল’ৱাৰ হাইটছ বাসগৃহত উপস্থিত হয় ছান ফ্ৰান্সিস্কো আৰক্ষী। বিষয়াসকলে ফ্লেটটোত সুচিৰৰ মৃতদেহ উদ্ধাৰ কৰে।
আৰক্ষীয়ে জনোৱা মতে, বিষয়া আৰু চিকিৎসক দলে সেই স্থানত উপস্থিত হৈ সুচিৰক মৃত অৱস্থাত উদ্ধাৰ কৰে। প্ৰাথমিক তদন্তত কোনো ধৰণৰ ফাউল প্লেৰ কোনো লক্ষণ দেখা পোৱা নাই।
আচলতে সুচিৰ বালাজীয়ে মৃত্যুৰ তিনিমাহ পূৰ্বে ৰাজহুৱাভাৱে দাবী কৰিছিল যে, OpenAI ই আমেৰিকাৰ কপিৰাইট আইন উলংঘা কৰিছে। ChatGPT Open AI ৰ দ্বাৰা সৃষ্টি কৰা হৈছিল আৰু বিশ্বজুৰি লাখ লাখ ব্যৱহাৰকাৰীৰ সৈতে ব্যাপক বাণিজ্যিক সফলতা লাভ কৰিছে।
২০২২ চনৰ শেষৰ ফালে এই এপটো মুকলি হোৱাৰ লগে লগে লেখকসকলৰ পৰা কেইবাটাও আইনী প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল। সেই সময়ত বহু লেখক, প্ৰগ্ৰেমাৰ আৰু সাংবাদিকে অভিযোগ কৰিছিল যে, কোম্পানীটোৱে নিজৰ এপটো ডেভেলপ কৰিবলৈ তেওঁলোকৰ কপিৰাইটযুক্ত কন্টেন্ট অবৈধভাৱে ব্যৱহাৰ কৰিছিল।
২৩ অক্টোবৰত বিদেশী সংবাদ মাধ্যমক সাক্ষাৎকাৰ দিওঁতে বালাজীয়ে যুক্তি দিছিল যে, ChatGPT ক প্ৰশিক্ষণ দিবলৈ তথ্য আহৰণৰ বাবে ব্যৱহাৰ কৰা ব্যৱসায়ী আৰু উদ্যোগীসকলৰ ওপৰত Open AI য়ে নেতিবাচক প্ৰভাৱ পেলাইছে। তেওঁ কয় যে, ইণ্টাৰনেট পৰিৱেশ তন্ত্ৰৰ বাবে এইটো কোনো বহনক্ষম আৰ্হি নহয়।