ছত্তীশগড়ৰ পৰা পোহৰলৈ আহিছে এক অনন্য গোচৰ। ইয়াত এগৰাকী স্বামীয়ে নিজেই পত্নীৰ কুমাৰীত্ব পৰীক্ষাৰ দাবী জনাইছিল। পিছে ছত্তীশগড় উচ্চ ন্যায়ালয়ে পত্নীৰ কুমাৰীত্ব পৰীক্ষাৰ দাবীত আবেদনখন অসাংবিধানিক বুলি অভিহিত কৰি নাকচ কৰে।
আচলতে স্বামী-স্ত্ৰীয়ে ইজনে সিজনৰ বিৰুদ্ধে গুৰুতৰ এক অভিযোগ উত্থাপন কৰিছিল। পত্নীৰ চৰিত্ৰক লৈ স্বামীয়ে সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে পত্নীয়ে স্বামীক নপুংসক বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছতে স্বামীয়ে পত্নীৰ কুমাৰীত্ব পৰীক্ষাৰ দাবী জনায় আৰু বিষয়টো উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয়।
মহিলাগৰাকীৰ মৰ্যাদা উলংঘা হোৱা বুলি উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰে।লগতে ছত্তীশগড় উচ্চ ন্যায়ালয়ে স্বামীয়ে পত্নীৰ কুমাৰীত্ব পৰীক্ষাৰ দাবীত দাখিল কৰা আবেদনখন অসাংবিধানিক বুলি অভিহিত কৰি খাৰিজ কৰে।
এই সমগ্ৰ ঘটনাটো আচলতে ৰায়গড় জিলাৰ এজন যুৱকে ২০২৩ চনৰ ৩০ এপ্ৰিলত হিন্দু ৰীতি-নীতি অনুসৰি বিবাহত আৱদ্ধ হৈছিল।বিয়াৰ পিছত যদিও স্বামী-স্ত্ৰীৰ সম্পৰ্ক ভালে আছিল, কিন্তু কেইমাহমানৰ পাছতেই স্বামী-স্ত্ৰীৰ মাজত বিবাদ আৰম্ভ হয়। ইয়াৰ পিছত স্বামী-স্ত্ৰীয়ে পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিলে।
ইফালে, ২০২৪ চনৰ জুলাই মাহত ৰায়গড়ৰ পৰিয়াল আদালতত পত্নীয়ে এজাহাৰ দাখিল কৰে, য’ত তেওঁ ভৰণ-পোষণৰ বাবে প্ৰতিমাহে ২০ হাজাৰ টকাৰ অন্তৱৰ্তীকালীন জীৱিকাৰ দাবী জনায়। পত্নীয়ে অভিযোগ কৰে যে তেওঁৰ স্বামী নপুংসক, যাৰ বাবে তেওঁ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব পৰা নাছিল। তেওঁৰ স্বামীয়ে তেওঁক প্ৰতাৰণা কৰিহে বিয়া পাতে।
ইফালে একে সময়তে স্বামীয়ে পত্নীৰ কুমাৰীত্ব পৰীক্ষাৰ দাবী কৰি পত্নীৰ চৰিত্ৰক অপমান কৰে। নিজৰে সৰু ভনীয়েকৰ স্বামীৰ সৈতে পত্নীৰ অবৈধ সম্পৰ্ক থকা বুলি স্বামীয়ে অভিযোগ উত্থাপন কৰে। দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি পৰিয়াল আদালতে স্বামীৰ যুক্তি নাকচ কৰে। লগতে পত্নীক ৰক্ষণাবেক্ষণৰ ধন দিবলৈও নিৰ্দেশ দিয়ে আদালতে।
আদালতে নিজৰ সিদ্ধান্তত কয় যে, কুমাৰীত্ব পৰীক্ষা অসাংবিধানিক আৰু ই মহিলাৰ মৰ্যাদা খৰ্ব কৰে। উচ্চ ন্যায়ালয়ে কয় যে যদি স্বামীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত নপুংসকতাৰ অভিযোগ ভুল প্ৰমাণ কৰিব বিচাৰে তেন্তে তেওঁ নিজৰ চিকিৎসা পৰীক্ষা কৰিব পাৰিব। কিন্তু পত্নীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰাটো বেআইনী।