চীনৰ ৰাজনৈতিক আৰু সামৰিক মহলৰ পৰা আহিছে এক ডাঙৰ খবৰ। ৰাষ্ট্ৰপতি ছি জিনপিঙৰ অন্যতম ঘনিষ্ঠ-বিশ্বাসী বুলি গণ্য কৰা শীৰ্ষ জেনেৰেল জাং ইউছিয়াক অনুশাসন আৰু আইনৰ গুৰুতৰ উলংঘাৰ বাবে তদন্তৰ আওতালৈ অনা হৈছে।
জাং ইউছিয়া চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ শাসকীয় সংস্থা কেন্দ্ৰীয় সামৰিক আয়োগৰ যুটীয়া উপাধ্যক্ষ। তেওঁক তদন্তৰ আওতালৈ অনাৰ পিছতে চীনৰ সামৰিক নেতৃত্ব অস্থিৰ হৈ পৰিছে।চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২০২৬ চনৰ ২৪ জানুৱাৰী শনিবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে। ২৪ জানৱাৰীত প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰে যে জাং ইউছিয়াৰ লগতে চিএমচিৰ যৌথ কৰ্মচাৰী বিভাগৰ মুখ্য কৰ্মচাৰী লিউ জেনলিৰ ওপৰত তদন্ত চলি আছে।
জাং ইউছিয়া আৰু লিউ জেনলিয়ে কমিউনিষ্ট দল আৰু চিএমচিৰ আস্থা আৰু আশাক গুৰুতৰভাৱে প্ৰতাৰণা কৰাৰ লগতে সামৰিক বাহিনীক লৈ দলটোৰ নিৰপেক্ষ নেতৃত্বক ক্ষতিগ্ৰস্ত কৰা আৰু দলটোৰ শাসকীয় ভেটিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনি ৰাজনৈতিক আৰু দুৰ্নীতিৰ সমস্যাৰ পোষকতা কৰে বুলি দাবী উত্থাপন কৰে।
এই অভিযোগৰ ওপৰত উচ্চ পৰ্যায়ৰ ব্রিফিঙৰ সৈতে পৰিচিত লোকসকলৰ উদ্ধৃতি দি দেশখনৰ পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচীৰ তথ্য আমেৰিকাক ফাদিল কৰাৰ লগতে এজন বিষয়াক প্ৰতিৰক্ষা মন্ত্ৰী পদত পদোন্নতি দিয়াকে ধৰি চৰকাৰী কাৰ্য্যৰ বাবে উৎকোচ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে বুলি ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰিছে।







