লক্ষ্য স্থিৰ আৰু একাগ্ৰতা থাকিলে কোনো কামেই অসম্ভৱ নহয়। এই কথাকেই প্ৰমাণ কৰি দেখুৱালে এগৰাকী মাছমৰীয়াৰ পুত্ৰই। নামনি অসমৰ পৰ্বতঝোৰাত এগৰাকী মাছমৰীয়াৰ পুত্ৰই লাভ কৰিলে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চি আই এছ এফ) কনিষ্টবলৰ চাকৰি।
এই খবৰটো লাভ কৰাৰ পিছতেই অঞ্চলবাসীৰ মাজত আনন্দৰ লহৰ উঠা পৰিলক্ষিত হৈছে। পৰ্বতঝোৰা সমষ্টিৰ দেবিতোলা অঞ্চলৰ অতি ভিতৰুৱা গাঁও হৈছে বৰভিটা। এই গাঁওখনৰে বাসিন্দা অতি দৰিদ্ৰ পৰিয়ালৰ ছিদ্দিক আলীৰ পুত্ৰ ছানিদুল ইছলামে চি আই এছ এফত চাকৰি লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
পিতৃ পেছাত এজন মাছমৰীয়া। কিছুদিন পূৰ্বে পুত্ৰ ছানিদুলে চি আই এছ এফ কনিষ্টবল পদৰ বাবে শাৰিৰীক সাক্ষাৎকাৰ দিছিল। ইয়াৰ পিছতে শুকুৰবাৰে বিভাগে ছানিদুলক পত্ৰযোগে এই সুখৰ খবৰটো জনোৱাৰ পাছত ছানিদুলৰ ঘৰত বৈছে গাঁওবাসীৰ সোঁত।
উল্লেখ্য যে, এটা চৰকাৰী চাকৰি পোৱাৰ আশাত শিক্ষিত যুৱক ছানিদুলে যোৱা কেইবা বছৰ ধৰি কৰি আহিছিল নিয়মিত অনুশীলন। কোনো ধৰণৰ টকা খৰচ নকৰাকৈ ছানিদুলে চাকৰি লাভ কৰাত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে তেওঁৰ পিতৃ আৰু গাঁওবাসীয়ে।