চিটী চেন্টাৰত বোমাতংক। বৰ্তমান খালি কৰি দিয়া হৈছে চিটী চেন্টাৰ। সকলো কৰ্মচাৰী-গ্ৰাহকক বাহিৰলৈ উলিয়াই দিয়া হৈছে। বৰ্তমান আৰক্ষী আৰু বোমা উদ্ধাৰকাৰী দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, খালী কৰি দিয়া হৈছে ৮ মহলীয়া চিটীৰ চেণ্টাৰৰ বিল্ডিং। বন্ধ কৰি দিয়া হৈছে ছবিগৃহ। খালী কৰা হৈছে সকলো দোকান-পোহাৰ। মাইকযোগে চিটী চেণ্টাৰ কৰ্তৃপক্ষই সৃষ্টি কৰিছে সজাগতা।
উল্লেখ্য যে, ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লগতে জৰুৰীকালীন সেৱাৰ লোক। চিটী চেণ্টাৰৰ গেটত আঁৰি দিয়া হৈছে সতৰ্কতালমূক জাননী। গ্ৰাহকক-কৰ্মচাৰীক মলৰ বাহিৰলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে, এতিয়ালৈ ঘটনাৰ স্পষ্ট কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাৰ সৱিশেষ তদন্ত অব্যাহত ৰাখিছে।