জল্পনা-কল্পনাৰ অন্ত পেলাই শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা। প্ৰথম পৰ্যায়ত ৮৮খন আসনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে ঘোষণা কৰে প্ৰাৰ্থী। আজি সমষ্টিয়ে সমষ্ঠিয়ে মনোনয়ন পত্ৰ দাখিল কৰিব বহু নেতাই।
আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাৰ খেল পথাৰৰ পৰা সমদল কৰি আহি দাখিল কৰিব মনোনয়ন। মনোনয়ন দাখিলৰ পূৰ্বে মাজনিশা মহানগৰীৰ ভূতনাথত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। ভূতনাথ শান্তি আশ্ৰমৰ মা কালী মন্দিৰত সেৱা আগবঢ়ায় ড৹ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিকূল বতৰক নেওচি খানাপাৰাত হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন দাখিল যাত্ৰাত বিশাল জনসমাগম হয়। পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ।
আকৌ দেওশাল মন্দিৰত আশীষ লয় পীযুষ হাজৰিকাই। জাগীৰোড সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই।
ইফালে ৰঙিয়াত মহা মৃত্যুঞ্জয় শিৱ মন্দিৰত আশীষ ল’লে বিজেপিৰ ৰঙিয়াৰ প্ৰাৰ্থী ভৱেশ কলিতাই। সহস্ৰাধিক অনুৰাগীয়ে এই প্ৰতিকূল বতৰকো নেওচি শুভেচ্ছা জনালে ভৱেশ কলিতাক। বিজেপিৰ ৰঙিয়াৰ পৰা তৃতীয়বাৰৰ বাবে প্ৰাৰ্থীত্ব পোৱা ভৱেশ কলিতাই প্ৰায় ২৩ মিনিট সময় একান্তই ব্যক্তিগত সময় মহাপ্ৰভু মহাদেৱৰ সৈতে অতিবাহিত কৰে।প্ৰভুৰ আশীৰ্বাদ গ্ৰহণ কৰি ৰাইজৰ আশীৰ্বাদ লৈ পোনে পোনে ৰাওনা হয় সোণেশ্বৰলৈ।ইয়াৰ পৰা পোনে পোনে তেওঁ সোণেশ্বৰত গৈ এখন সভা সম্বোধন কৰিব।তাৰ পাছতে দাখিল কৰিব মনোনয়ন পত্ৰ।










