বিহাৰত ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণক লৈ চলি থকা বিতৰ্কৰ মাজতে বুধবাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে নিৰ্বাচন আয়োগে। এতিয়াৰে পৰা ইভিএমত প্ৰাৰ্থীৰ নাম আৰু নিৰ্বাচনী চিহ্নৰ লগতে থাকিব প্ৰাৰ্থীগৰাকীৰ ৰঙীণ ফটোগ্ৰাফ। বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰাই প্ৰযোজ্য হ’ব এই নিয়ম।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, বহু সময়ত একে নামৰ প্ৰাৰ্থীয়ে ভোটাৰৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে। সেয়ে এই বিভ্ৰান্তি আঁতৰাবলৈ নিৰ্বাচন আযোগে এতিয়াৰে পৰা ইভিএমত প্ৰাৰ্থীৰ ৰঙীণ ফটো সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে, এই বিশেষ পদক্ষেপৰ উপৰি নিৰ্বাচন আয়োগে শীঘ্ৰে সমগ্ৰ ভাৰততে বিশেষ ভোটাৰ তালিকা পুনৰীক্ষণ (SIR)ৰ তাৰিখ নিৰ্ধাৰণ কৰিব। বছৰৰ শেষৰ পূৰ্বে ৰাজ্যসমূহৰ ভোটাৰ তালিকা পুনৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
এই সন্দৰ্ভত বুধবাৰে ইচিআইয়ে কয় যে বেছিভাগ ৰাজ্যতে আধাতকৈ অধিক ভোটাৰে কোনো নথি-পত্ৰ দাখিল কৰাৰ প্ৰয়োজন নহ’ব, কিয়নো তেওঁলোকৰ নাম শেষৰ এছআইআৰৰ পিছত প্ৰস্তুত কৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ’ব।