২৬ ডিচেম্বৰৰ নিশা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, বৰ্ষীয়ান ৰাজনীতিবিদ ড° মনমোহন সিঙৰ দেহাৱসান ঘটে। ৯২ বছৰ বয়সত দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।
২৬ ডিচেম্বৰৰ সন্ধিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত দিল্লীৰ AIIMSৰ জৰুৰীকালীন বিভাগত ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল। কিন্তু চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো নিশা ৯:৫১ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ড° মনমোহন সিঙৰ। দিল্লীৰ AIIMS কৰ্তৃপক্ষই জনোৱা অনুসৰি, বাৰ্ধক্যজনিত কাৰণতে মৃত্যু হয় ড° মনমোহন সিঙৰ।
ড৹ সিঙৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশৱাসী।আজি দেশজুৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব।ইফালে কেন্দ্ৰীয় চৰকাৰৰ সকলো কাৰ্যসূচীও বাতিল কৰা হৈছে। সম্পূৰ্ণ ৰাজকীয় সন্মানেৰে সম্পন্ন কৰা হ’ব তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া।
যোৱা নিশাই এমইছৰ পৰা নিজা বাসভৱনলৈ লৈ যোৱা হৈছে নশ্বৰদেহ।কংগ্ৰেছৰ সকলো দলীয় কাৰ্যসূচী ৭ দিনলৈ বাতিল কৰা হৈছে। ড০ মনমোহন সিঙৰ মৃত্যুত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ শোকপ্ৰকাশ।কেৰালাত অহা ৭ জানুৱাৰীলৈ অৰ্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা।
১৯৩৬ চনৰ ২৬ ছেপ্টেম্বৰত বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্ভুক্ত পাঞ্জাৱ প্ৰদেশত জন্মগ্ৰহণ কৰিছিল এইগৰাকী বৰেণ্য ৰাজনীতিবিদগৰাকীয়ে। ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত বৰ্তমান পাকিস্তানৰ পঞ্জাৱত জন্ম হৈছিল ড০ মনমোহন সিঙৰ। ১৯৪৭ চনৰ দেশবিভাজনৰ সময়ত আহিছিল ভাৰতলৈ। তেওঁ অক্সফ’ৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ১৯৬৬ চনৰ পৰা ১৯৬৯ চনলৈ ৰাষ্ট্ৰসংঘত চাকৰি কৰে মনমোহন সিঙে।১৯৮২ৰ পৰা ১৯৮৫ চনলৈকে তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৃথিৱী বিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা ড৹ সিং ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল অসমৰ সাংসদ হিচাপে।