কটন বিশ্ববিদ্যালয়ত পুনৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। সুৰাপান কৰা দুই ছাত্ৰই প্ৰহাৰ কৰিলে হোষ্টেলৰ সুৰক্ষাকৰ্মীক। সুৰক্ষাকৰ্মীৰ সন্মুখতে সুৰাপান কৰিছিল দুই ছাত্ৰই। সেই কাৰ্যক বাধা দিবলৈ গৈছিল সুৰক্ষাকৰ্মীজনে। সেই সময়তে ছাত্ৰদ্বয়ে প্ৰহাৰ কৰিলে সুৰক্ষাকৰ্মীজনক।
সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেলত সংঘটিত হৈছে এই ঘটনা। খঞ্জন গোঁহাই আৰু আন এজন ছাত্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।
আনহাতে, ছাত্ৰদ্বয়ৰ আক্ৰমণৰ বলী হোৱা সুৰক্ষাকৰ্মীজনৰ নাম পূৰ্বজ্যোতি কলিতা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত পানবজাৰ আৰক্ষী থানাত ভুক্তভোগী পূৰ্বজ্যোতি কলিতাই ৰুজু কৰিছে গোচৰ।
উল্লেখ্য যে, নিশা নিৰাপত্তাৰ দায়িত্বত আছিল সুৰক্ষাকৰ্মী পূৰ্বজ্যোতি কলিতা। সুৰক্ষাকৰ্মীজনৰ সন্মুখতেই সুৰাপান কৰিবলৈ লৈছিল অভিযুক্ত খঞ্জন গোঁহাই নামৰ ছাত্ৰজনে। সুৰক্ষাকৰ্মীজনে সেই কাৰ্যক বাধা দিবলৈ যাওঁতেই প্ৰহাৰ কৰে খঞ্জন গোহাঁইয়ে।
আনকি সুৰক্ষাকৰ্মীজনে পৰিধান কৰা পোছাকো ফালি পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে অভিযুক্ত ছাত্ৰগৰাকীয়ে। পূৰ্বেও খঞ্জন গোহাঁইৰ বিৰুদ্ধে পাণবজাৰ থানাত আছে কেইবাটাও গোচৰ।