এবছৰতকৈও অধিক সময় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি থকা তাৰকা বেগী বলাৰ মহম্মদ শ্বামীৰ উভতি অহাৰ বাবে অপেক্ষাত আছে টীম ইণ্ডিয়া আৰু ইয়াৰ অনুৰাগী। যোৱা মাহতহে ঘৰুৱা ক্ৰিকেটৰ পৰা উভতি আহিছিল শামী যদিও এতিয়াও তেওঁ টিম ইণ্ডিয়ালৈ ঘূৰি অহাৰ সেউজ সংকেত পোৱা নাই।
এডিলেইড টেষ্টৰ প্ৰথম আৰু দ্বিতীয় দিনতে টীম ইণ্ডিয়াৰ বলিঙৰ অভিজ্ঞতাৰ অভাৱ স্পষ্ট হৈ পৰিছে। কেৱল জস্প্ৰিত বুমৰাহহে যেন প্ৰভাৱ পেলাইছে।
আনহাতে যুৱ পেচাৰ হৰ্ষিত ৰাণা সম্পূৰ্ণ অকাৰ্যকৰী হৈ উঠিছে। বুমৰাহৰ সৈতে বিধ্বংসী ৰূপ ধাৰণ কৰিব পৰা ভাৰতীয় দলটোৱে নিজৰ তাৰকা বেগী বলাৰ মহম্মদ শ্বামীক হেৰুৱাই পেলোৱাটো স্পষ্ট হৈ পৰিছে।
কিন্তু শ্বামীয়ে এতিয়াও অষ্ট্ৰেলিয়াত উপস্থিত হোৱা নাই আৰু এই সন্দৰ্ভত অহৰহ প্ৰশ্ন উত্থাপন হৈ আছে। এডিলেইড টেষ্টত টীম ইণ্ডিয়াৰ পৰাজয়ৰ পাছত অধিনায়ক ৰোহিত শৰ্মাকো এই সন্দৰ্ভত সোধা হৈছিল আৰু ভাৰতীয় অধিনায়কগৰাকীয়ে শ্বামীক পূৰ্বৰ শাৰীৰিক সমস্যাই পুনৰ অসুবিধাৰ সৃষ্টি কৰিছে বুলি এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে।
৮ ডিচেম্বৰ দেওবাৰে পিংক বল টেষ্ট খেলৰ তৃতীয় দিনাই অষ্ট্ৰেলিয়াই টীম ইণ্ডিয়াক ১০ উইকেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াই ১-১ গ’লত শৃংখলা সমতা স্থাপন কৰে। এনে পৰিস্থিতিত অনুৰাগীয়ে আশা কৰিছে যে, মহম্মদ ছামীক তৃতীয়খন টেষ্টৰ বাবে ঘূৰি আহক আৰু টীম ইণ্ডিয়াৰ বলিঙৰ ফৰ্মও ঘূৰি আহক।
পাৰ্থত খেলা প্ৰথমখন টেষ্ট মেচত বুমৰাহে এককভাৱে নিজৰ মাৰাত্মক বলিঙেৰে দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় আৰু শ্বামীৰ অনুপস্থিতি অনুভৱ কৰিবলৈ নিদিয়ে, যদিও এতিয়া দলটোক শ্বামীৰ অতি প্ৰয়োজন। ১৪ ডিচেম্বৰৰ পৰা ব্রিজবেনত আৰম্ভ হ’ব তৃতীয়খন টেষ্ট৷
তৃতীয় টেষ্টত খেলাটো শ্বামীৰ বাবে প্ৰায় অসম্ভৱ, কিন্তু সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে তেওঁ কেতিয়া টীম ইণ্ডিয়ালৈ ঘূৰি আহিব। এডিলেইডত পৰাজয়ৰ পাছত সংবাদমেলত এই সন্দৰ্ভত ৰোহিতক সোধা হৈছিল, য’ত ভাৰতীয় অধিনায়কগৰাকীয়ে কয় যে, শৃংখলাৰ মাজভাগত শ্বামীৰ উভতি অহাৰ সম্ভৱনা, যদিও দলটোৱে কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰিব নিবিচাৰে তেওঁৰ ওপৰত। তেওঁ কয় যে, চৈয়দ মুস্তাক আলী ট্ৰফীৰ মেচ খেলি থাকোঁতে শ্বামীয়ে আঁঠুত আঘাত পায়।
ৰোহিতে কয় যে, বিচিচিআইৰ চিকিৎসা দলে তেওঁক অহৰহ নিৰীক্ষণ কৰি আছে আৰু টীম ইণ্ডিয়াই তেওঁলোকৰ পৰামৰ্শৰ ভিত্তিতহে যিকোনো সিদ্ধান্ত ল’ব। লগতে ৰোহিতে স্পষ্টকৈ কয় যে, দলেও শ্বামী সম্পূৰ্ণ সুস্থ হৈ অহাটোৱে কামনা কৰি আছে।