টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হৈছে টীম ইণ্ডিয়া। অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ, যাৰ বাবে ভাৰতীয় দলটো নিৰ্বাচিত হৈছে। এই দলটোৰ কমাণ্ড কোনে ল’ব সেই সন্দৰ্ভত ২৪ ডিচেম্বৰত সিদ্ধান্ত লোৱা হয়। টুৰ্ণামেণ্টৰ ডিফেণ্ডিং চেম্পিয়ন ভাৰত।
মালয়েছিয়াত আয়োজন কৰা এই প্ৰতিযোগিতাত ভাৰতকে ধৰি ১৬টা দলে অংশগ্ৰহণ কৰিব। ২০২৫ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০২৫ চনৰ ২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব ১৯ অনুৰ্ধ টি-২০ বিশ্বকাপ।
কৰ্ণাটকৰ নিকি প্ৰসাদে অহা বৰ্ষৰ ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত দলটোৰ অধিনায়কত্ব কৰিব। দক্ষিণ আফ্ৰিকা আৰু ইণ্ডিয়া এৰ বিৰুদ্ধে খেলা ১৯ বছৰ অনুৰ্ধ মহিলাৰ খেলখনত ইণ্ডিয়া বি দলৰ অধিনায়কত্ব কৰিছিল নিকিয়ে। বাংলাদেশৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ মহিলা এছিয়া কাপতো ভাৰতীয় দলৰ অধিনায়ক আছিল।
ভাৰতীয় দলটো প্ৰতিযোগিতাখনৰ ডিফেণ্ডিং চেম্পিয়ন। এইবাৰো দলটোত এনে বহু মুখ আছে, যিসকল বিগত বৰ্ষৰ দক্ষিণ আফ্ৰিকাৰ বিজয়ী দলটোৰ অংশ আছিল। সেই নামবোৰৰ ভিতৰত জি. তৃষা, এম ডি শ্ববনম আৰু সোণম যাদৱৰ নাম সন্নিবিষ্ট কৰা হৈছে।
৪টা গ্ৰুপত বিভক্ত হোৱা ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত মুঠ ১৬টা দলে অংশগ্ৰহণ কৰিছে। প্ৰতিটো গ্ৰুপত ৪টাকৈ দল থাকে, য’ত ভাৰত এ গ্ৰুপত আছে। ভাৰতৰ বাহিৰেও গ্ৰুপ এত আছে মালয়েছিয়া, ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকা।
১৯ জানুৱাৰীৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে এই প্ৰতিযোগিতা আৰম্ভ কৰিব। গ্ৰুপ পৰ্যায়ৰ সকলো খেল কুৱালালামপুৰত অনুষ্ঠিত হ’ব।