চেম্পিয়নছ ট্ৰফীৰ নিয়ম সলনি কৰিছে বিচিচিআইয়ে। বিচিচিআইৰ সৈতে জড়িত সূত্ৰৰ উদ্ধৃতি দি কেইবাটাও সংবাদ মাধ্যমে দাবী কৰিছে যে, ব’ৰ্ডে চেম্পিয়নছ ট্ৰফীৰ সময়ত খেলুৱৈসকলক নিজ পৰিয়ালৰ সৈতে থাকিবলৈ অনুমতি দিছে।
কোনো খেলুৱৈয়ে ইচ্ছা কৰিলে চেম্পিয়নছ ট্ৰফীৰ সময়ত পৰিয়ালক নিজৰ লগতেই ৰাখিব পাৰে। অৱশ্যে চৰ্ত হ’ল মাত্ৰ এখন মেচৰ বাবেহে এই নিয়ম কাৰ্যকৰী হ’ব।
পূৰ্বতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টীম ইণ্ডিয়াৰ খেলুৱৈসকলক নিজ পৰিয়ালৰ সৈতে একেলগে ৰখাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল। অষ্ট্ৰেলিয়াৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত হোৱা অপমানজনক পৰাজয়ৰ পিছতেই ব’ৰ্ডে এই কঠোৰ নিয়ম লৈছিল।
ছিৰিজ বা টুৰ্ণামেণ্টৰ সময়ত পৰিয়ালৰ লগত থাকিবলৈ মাত্ৰ কেইদিনমানৰ ৰেহাই দিয়া হৈছিল। এতিয়া খবৰ ওলাইছে যে বিচিচিআইয়ে খেলুৱৈসকলক পৰিয়ালৰ সদস্যক এখন মেচৰ বাবে ডুবাইলৈ মাতিবলৈ অনুমতি দিছে।
এক প্ৰতিবেদন অনুসৰি বিচিচিআইয়ে নিজৰ কঠোৰ স্থিতি সলনি কৰি ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে নিষেধাজ্ঞা শিথিল কৰিছে।