No Result
View All Result
আৰম্ভ হৈছে চেম্পিয়নছ ট্ৰফী ২০২৫। এই প্ৰতিযোগিতাখন পাকিস্তান আৰু ডুবাইত ১৯ দিনলৈকে চলিব। আজি প্ৰতিযোগিতাখনৰ দ্বিতীয়খন মেচত মুখামুখি হ’ব ভাৰত আৰু বাংলাদেশ।
খেলখনৰ এদিন পূৰ্বে বাংলাদেশৰ অধিনায়ক নাজমুল হোছেইন শান্তোৱে মুকলিকৈ ভাৰতৰ বিৰুদ্ধে জয়ৰ পৰিকল্পনা কৰিছে বুলি ঘোষণা কৰিছে।
২০ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব টিম ইণ্ডিয়াই। খেলখনত ভাৰতৰ বিৰুদ্ধে পৰিকল্পনা প্ৰকাশ কৰাৰ সময়তে বাংলাদেশী অধিনায়কগৰাকীয়ে কয় যে বাংলাদেশৰ বেগী বলাৰ তথা অল ৰাউণ্ডাৰ সকলো সাজু হৈছে টীম ইণ্ডিয়াক পৰাস্ত কৰিবলৈ।
যুৱ বেগী বলাৰ নাহিদ ৰানা, অভিজ্ঞ পেচাৰ টাস্কিন আহমেদ, শক্তিশালী অলৰাউণ্ডাৰ মেহদি হাছান মিৰাজ আৰু মেহমুদুল্লাৰ দৰে খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰি জয়ৰ সপোন দেখা অধিনায়ক শান্তোৱে কয় যে, সকলো খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি বাংলাদেশৰ সকলো ক্ৰিকেটপ্ৰেমী আৰু দলটোৱে তেওঁলোকক কেতিয়াও নিৰাশ নকৰে।
আজি এই খেলৰ টছত জয়ী হৈ বাংলাদেশে বেটিঙৰ সিদ্ধান্ত লয়। বিশ্বকাপ ২০২৩ৰ পিছত এদিনীয়া ক্ৰিকেটত ভাৰত আৰু বাংলাদেশৰ মাজত এয়া প্ৰথমখন খেল।
No Result
View All Result